বিশ্বনাথৰ ১ নং সাকোমঠা সমবায় সমিতিত ৭০০ কুইণ্টল কুইণ্টল চাউল কেলেংকাৰী

বিশ্বনাথৰ ১ নং সাকোমঠা সমবায় সমিতিত ৭০০ কুইণ্টল কুইণ্টল চাউল কেলেংকাৰী

author-image
Asomiya Pratidin
New Update
বিশ্বনাথৰ ১ নং সাকোমঠা সমবায় সমিতিত ৭০০ কুইণ্টল কুইণ্টল চাউল কেলেংকাৰী

বিশ্বনাথৰ ১ নং সাকোমঠা সমবায় সমিতিত ৭০০ কুইণ্টল কুইণ্টল চাউল কেলেংকাৰী

ডিজিটেল সংবাদ বিশ্বনাথঃ বিশ্বনাথত সংঘটিত হৈছে বগা চাউলৰ ক'লা বেহা। এই ঘটনা সংঘটিত হৈছে বিশ্বনাথৰ পাভৈস্হিত ১ নং সাকোমঠা সমবায় সমিতিত। ১নং সাকোমঠা সমবায় সমিতিখনৰ সম্পাদক মহেশ্বৰ ভূঞাই সংঘটিত কৰিছে এই চাউলৰ কেলেংকাৰী।

Advertisment

এই কেলেংকাৰী এবেগ দুবেগ চাউলৰ কেলেংকাৰী নহয়। ৭০০ কুইন্টলতকৈ অধিক চাউলৰ কেলেংকাৰী সংঘটিত কৰিছে সমাবায় সমিতিৰ সম্পাদক মহেশ্বৰ ভূঞাই। উল্লেখ্য যে, বিশ্বনাথৰ ১ নং সাকোমঠা সমবায় সমিতিৰ সম্পাদকগৰাকীয়ে সমবায়ৰ গুডামৰ পৰাই এই বৃহৎ পৰিমাণৰ চাউল হৰলুকি কৰাৰ অভিযোগ উঠিছে।

যাৰ বাবে সমবায় সমিতিখনৰ অন্তৰ্গত বহুকেইজন সুলভ মূল্যৰ এজেন্টে আগষ্ট মাহৰ চৰকাৰী চাউল লাভ কৰা নাই। ফলত হিতাধিকাৰীৰ মাজত হাহাকাৰ অৱস্হাৰ সৃষ্টি হৈছে।

ইফালে এজেণ্টসকলে চাউল বিচাৰি সমবায়লৈ অহাত দুৰ্নীতিগ্ৰস্ত সম্পাদক মহেশ্বৰ ভূঞাই এজেন্টসকলৰ চাউল মিলাব নোৱাৰি বিদ্যালয়লৈ অহা মধ্যাহ্ন ভোজন আৰু অংগনবাড়ি কেন্দ্ৰৰ চাউল বহু এজেন্টেক প্ৰদান কৰে যদিও প্ৰায় ১৬ গৰাকী সুলভ মূল্যৰ এজেন্টক প্ৰদান কৰিব নোৱাৰিলে এই চাউল।

সমবায়খনৰ সম্পাদক মহেশ্বৰ ভূঞাই এফালে কণ কণ ছাত্ৰ-ছাত্ৰীক বঞ্চিত কৰিলে মধ্যাহ্ন ভোজনৰ পৰা আৰু আনফালে দৰিদ্ৰ হিতাধিকাৰীক বঞ্চিত কৰিলে চৰকাৰী চাউল লাভৰ পৰা। যাৰ পৰিপ্ৰেক্ষিত বঞ্চিত সুলভ মূল্যৰ এজেন্ট সকলে বিশ্বনাথ খাদ্য আৰু অসামৰিক যোগান বিভাগক অভিযোগ দাখিল কৰে।

এই অভিযোগৰ ভিত্তিতে ইতিমধ্যে দণ্ডাধীশ পৰ্যায়ৰ এক তদন্তৰ ব্যৱস্হা কৰিছে আৰু যোৱা ২৫ আগষ্টত উক্ত সমবায়ত উপস্হিত হয় দণ্ডাধীশ বিচিত্ৰা দাসসহ খাদ্য উপ-পৰিদৰ্শকৰ দল। কিন্তু দণ্ডাধীশে বহুবাৰ সম্পাদক মহেশ্বৰ ভূঞাক ফোন কৰিলে যদিও তেওঁ উপস্হিত নহ'ল সমবায়ত।

Also Read: ISROৰ বিজ্ঞানীক অভিনন্দন জনাই কি ক’লে প্রধানমন্ত্রীয়ে ?

ফলত দণ্ডাধীশে তলা ভাঙি প্ৰবেশ কৰে সমবায়ৰ গুদামত।কিন্তু গুদামত মজুত নাছিল থাকিবলগীয়া পৰিমাণৰ চাউল। মাত্ৰ ২০ বেগ মানহে চাউল উদ্ধাৰ কৰে অভিযানকাৰী দলটোয়ে।

ইফলে সমবায়খনৰ সভাপতিয়ে এই ক্ষেত্ৰত এক উচিৎ তদন্ত বিচাৰিছে আৰু দোষীৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্হা গ্ৰহন কৰিবলৈ দাবী জনাইছে। উল্লেখ্য যে এই সমস্ত ঘটনা পোহৰলৈ অহাৰ পিছতে আত্মগোপন কৰিছে সম্পাদক মহেশ্বৰ ভূঞাই।

Also Read: কুকুৰ নহলো কিয়?

বিশ্বনাথ চাউল কেলেংকাৰী