ভূমি বিবাদ! চিকিৎসালয়তে মাৰপিট, মৃত্যু দুজন, আহত কেইবাজনো

মৃত্যু হোৱা ৰাজু
মৃত্যু হোৱা ৰাজু

ডিজিটেল ডেস্কঃ ভূমি বিবাদক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে কাছাৰৰ কাটিগড়া খেলমাত এক ৰক্তাক্ত পৰিস্থিতিৰ সৃষ্টি হয় । দুটা পক্ষৰ মাৰপিট মৃত্যু হয় দুজনকৈ লোকৰ ৷ লগতে আহত হৈছে প্ৰায় ৮ জনলোক ।

জানিব পৰা মতে আজি পুৱা দুই পক্ষৰ মাজত সংঘাতৰ সৃষ্টি হয় আৰু পাছত হাতত দা লাঠিসহ বিভিন্ন অস্ত্ৰৰে উভয় পক্ষই আক্ৰমণ আৰম্ভ কৰে । ফলত দুই পক্ষৰ কেইবাজনো লোক গুৰুতৰ আহত হয় ৷

আহত সকলক উদ্ধাৰ কৰি ততাতোয়াকৈ স্থানীয় কালাইন স্বাস্থ্যকেন্দ্ৰত প্ৰেৰণ কৰা হয় যদিও ইয়াৰ মাজত দুজনৰ মৃত্যু হয় ৷ মৃত দুজনৰ নাম ৰাজু বৈষ্ণৱ আৰু দিৰেন্দ্ৰ বৈষ্ণৱ বুলি জানিব পৰা গৈছে। লগতে আহত আন লোক সকলৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক শিলচৰ মেডিকেল কলেজত প্ৰেৰণ কৰা হয় ।

ইপিনে কালাইন হাস্পতালত দুজনৰ মৃত্যুৰ পাছত হাস্পতাল ৰণক্ষেত্ৰত পৰিণত হয় । হাস্পাতাল চৌহদৰ ভিতৰত পুনৰ আৰম্ভ হয় দুইপক্ষৰ মাজত মাৰপিট । পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু তদন্ত আৰম্ভ কৰে।

মৃত্যু হোৱা ৰাজু
পুনৰ ঘোচ লৈ ধৰা পৰিল চৰকাৰী কৰ্মচাৰী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in