/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/breaking-Plate.jpg)
পুনৰ ঘোচ লৈ ধৰা পৰিল চৰকাৰী কৰ্মচাৰী...
ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ উৎকোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে। বিগত সময়ত ৰাজ্যত দুৰ্নীতি নিবাৰক শাখাই অভিযান অব্যাহত ৰাখিছে যদিও একাংশ চৰকাৰী কৰ্মচাৰীৰ ঘোচ লোৱাৰ প্ৰৱণতা হ্ৰাস হোৱা নাই।
বৃহস্পতিবাৰে যোৰহাটত তেনে এগৰাকী ঘোচলোৱা চৰকাৰী কৰ্মচাৰীক আটক কৰিলে দুৰ্নীতি নিবাৰক শাখাই। আটকাধীন কৰ্মচাৰীগৰাকী মুনমুন সেন। উল্লেখ্য যে, মুনমুন সেন যোৰহাট কোষাগাৰৰ জুনিয়ৰ গাণনিক বিষয়া। তিনি হাজাৰ টকা লওতে হাতে-লোটে আটক কৰা হয় বিষয়াগৰাকীক।