/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/e4361322-0c29-4a0b-b3a1-35e89ae01d8b/66.jpg)
ডিজিটেল সংবাদ, শিলচৰঃ বহু প্ৰতিক্ষীত অযোধ্যাৰ ৰাম মন্দিৰৰ উদ্বোধন কৰিবলৈ মাজতে আৰু কেইটামান মুহুৰ্ত বাকী। ৰাম মন্দিৰ উদ্বোধনক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে। পিছ পৰি থকা নাই শিলচৰ বাসীও।
ৰাম মন্দিৰৰ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে শিলচৰত ৰবিবাৰে এক বিশাল বাৰেৰহনীয়া শোভাযাত্ৰা উলিওৱা হয়। বিভিন্ন হিন্দু সংগঠনৰ উদ্যোগত ৰাংগিৰখাৰী গোপাল জিও আখৰাৰ পৰা উলিওৱা এই এই শোভাযাত্ৰাত দহ সহস্ৰাধিক ৰামভক্ত ই অংশগ্ৰহণ কৰে। সুসজ্জিত এখন ৰথত ৰাম, সীতা , লক্ষণ আৰু হনুমানৰ মুৰ্তি স্থাপন কৰি পথ পৰিক্ৰমা কৰা হয় ।
তদুপৰি দুটা ঘোৰত শিশু ৰাম আঊৰু লক্ষণকো শোভাযাত্ৰাৰ আগত দেখা গৈছে। ইয়াৰোপৰি মনিপুৰী বেণ্ড সহ ঢাক শিল্পী সকলেও অংশগ্ৰহণ কৰে শোভাযাত্ৰাত। ইফালে, বজৰং আৰু বি হি পৰিষদৰ কৰ্মী সকলৰ মুখত জয়শ্ৰীৰাম ধ্বনিয়ে মুখৰিত কৰি তুলিছে শিলচৰৰ আকাশ বতাহ।
Also Read: সৰভোগৰ পৰা APSC পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ৫গৰাকী ছাত্ৰ-ছাত্ৰী