সৰভোগৰ পৰা APSC পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ৫গৰাকী ছাত্ৰ-ছাত্ৰী

সদ্য ঘোষিত APSC পৰীক্ষাত সৰভোগৰ পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা জনায় সৰভোগৰ মইনবড়ী সত্ৰৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰীয়ে

author-image
Asomiya Pratidin
New Update
সৰভোগৰ পৰা APSC পৰীক্ষাত সফলতাৰে  উত্তীৰ্ণ ৫গৰাকী ছাত্ৰ-ছাত্ৰী

ডিজিটেল সংবাদ, সৰভোগঃ সদ্য ঘোষিত APSC পৰীক্ষাত সৰভোগৰ পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সফলতাৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা জনায় সৰভোগৰ মইনবড়ী সত্ৰৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰীয়ে ।

Advertisment

সৰভোগৰ আহোম পথাৰ হিমাক্ষী সাউদ আৰু সৰভোগৰ ৰামপুৰ অনুপম তালুকদাৰে ৰবিবাৰে দিনৰ ভাগত মইনবড়ী সত্ৰত সেৱা লয় । মইনবড়ী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ গনেশ চন্দ্ৰ অধিকাৰী আৰু সত্ৰৰ ডেকা সত্ৰীয়া অপূৰ্ব অধিকাৰীয়ে ফুলাম গামোচা আৰু জাপিৰে সম্ভৰ্ধনা জনাই ।

বিশেষকৈ সৰভোগৰ পৰা সফলতা লাভ কৰা পাঁচ গৰাকী নৱ প্ৰজন্মৰ প্ৰতিনিধিক লৈ বৰনগৰবাসী ৰাইজে গৌৰৱ অনভৱ কৰে। অসামৰিক সেৱাত ৭৮ তম্ স্থানত উজলিল সৰভোগৰ আফ্ফান খান।

সৰভোগৰ জামাদাৰ বড়ী (পামপাৰা)ৰ শ্বাহজাহান আলী, সৰভোগৰ ৰামপুৰৰ অনুপম তালুকদাৰ, সৰভোগৰ আহোমপথাৰ হিমাক্ষী সাউদৰ লগতে সৰভোগৰ বোৱাৰী এগৰাকীয়ে APSC ত সফলতাৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে।

অনাগত দিনত আৰু অধিক মেধা সম্পন্ন যুৱক-যুৱতীয়ে প্ৰতিযোগিতা মূলক পৰীক্ষাত সুক্ষাতিৰে উত্তীৰ্ণ হৈ সৰভোগলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হবলৈ অপূৰ্ব অধিকাৰীয়ে আহ্বান জনায়।

Also Read: পবিতৰাত বনৰীয়া চৰাই সংৰক্ষণ উৎসৱৰ সামৰণি

apsc