/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/a98a3de5-4b71-4da9-8402-b0512ee720e3/6a29d13b_0476_4f99_bd73_41de805239e3.jpg)
ডিজিটেল সংবাদ,শিলচৰ: চুবুৰীয়া ৰাজ্য মেঘালয়ত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰিছে বি এছ এফে। গোপন তথ্যৰ ভিত্তিত দক্ষিণ পশ্চিম খাছি পাহাৰ জিলাৰ ৰানিকোৰ - বাংলাদেশ সীমান্তত অভিযান চলাই বি এছ এফৰ ১৯৩ বেটেলিয়নে এখন অল্টো বাহনৰ পৰা জব্দ কৰে ২,৪৬৯ টা য়াবা টেবলেট আৰু ১০ গ্ৰাম হেৰ’ইন।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/8f0eeda7-c96f-4675-a835-17ee702b04ad/124414a1-e029-4a83-9660-59eb3eb354f9.jpg)
বাহনখনৰ গোপন চেম্বাৰত লুকুৱাই বাংলাদেশ সীমান্তৰ ফালে সৰবৰাহৰ সময়ত বিএছ এফে টেবলেট আৰু হেৰ'ইনখিনি জব্দ কৰিবলৈ সক্ষম হয়। নিষিদ্ধ ড্ৰাগছ সৰবৰাহৰ অভিযোগত বিএছ এফে দুজন সৰবৰাহকাৰীক আটক কৰে।
ধৃত লোক দুজন পূৱ খাছি পাহাৰ জিলাৰ বাসিন্দা জয়দীপ পাল আৰু নবজিৎ সেন বুলি সদৰী কৰিছে বিএছ এফে। ইফালে জব্দকৃত সামগ্ৰী আৰু ধৃত ড্ৰাগছ বেপাৰী তথা বাহনখন ৰাণীকোৰ থানাত গতাই দিয়া হয়।
Also Read: এগজিত প’ল