মেঘালয়ত নৈশ বাছৰ পৰা বুজণ পৰিমাণৰ হেৰ'ইন জব্দঃ গ্ৰেপ্তাৰ এজন

শিলচৰৰ পৰা গুৱাহাটী অভিমুখী বাছত চলাইছিল তালাচী

author-image
Asomiya Pratidin
New Update
মেঘালয়ত নৈশ বাছৰ পৰা বুজণ পৰিমাণৰ  হেৰ'ইন জব্দঃ গ্ৰেপ্তাৰ এজন

মেঘালয়ত নৈশ বাছৰ পৰা বুজণ পৰিমাণৰ হেৰ'ইন জব্দঃ গ্ৰেপ্তাৰ এজন

ডিজিটেল সংবাদ শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বুজণ পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে মেঘালয় আৰক্ষীয়ে। শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এখন নৈশ বাছত তালাচী চলাই ইষ্ট জয়ন্তীয়া হিলচ জিলাৰ আৰক্ষীয়ে ৪৫৮ গ্ৰাম হেৰ'ইন জব্দ কৰিছে।

Advertisment

লঙমছুং থানাৰ আৰক্ষীয়ে বাছখনত তালাচী চলাই হেৰ'ইন ভৰ্তি ৪২ টা চাবোনৰ বাকচ উদ্ধাৰ কৰে। বাকচ কেইটাৰ পৰা জব্দ কৰা হয় ৪৫৮ গ্ৰাম হেৰ'ইন। হেৰ'ইন সৰবৰাহৰ অভিযোগত বাছখনৰ যাত্ৰী আব্দুল কুদ্দুছ লস্কৰক গ্ৰেপ্তাৰ কৰা হয়।

ধৃত আব্দুলৰ ঘৰ কাছাৰ জিলাৰ সোণাই হাতিৰহাৰৰ ছিংগেৰবন্দত। আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰী আব্দুল কুদ্দুছ লস্কৰৰ বিৰুদ্ধে এন ডি পি এছ আইনৰ অধীনত লুমছুঙ থানাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।

Also Read: ঘিলামৰাত থলুৱা মাছৰ উজান ধৰাত ব্যস্ত মৎস্যলোভী...

ড্ৰাগছ বিৰোধী অভিযান