ঘিলামৰাত থলুৱা মাছৰ উজান ধৰাত ব্যস্ত মৎস্যলোভী...

মীন বিভাগৰ বিষয়া কৰ্মচাৰীৰ দায়িত্বহীনতা
ঘিলামৰাত থলুৱা মাছৰ উজান ধৰাত ব্যস্ত মৎস্যলোভী...
ঘিলামৰাত থলুৱা মাছৰ উজান ধৰাত ব্যস্ত মৎস্যলোভী...

ডিজিটেল সংবাদ ঢকুৱাখনা: নিষিদ্ধ আৰু আইন বিৰোধ হ'লেও কথা নাই। ঘিলামৰা আৰক্ষীৰ কৃপাত এচাম মৎস্যলোভীৰ দিন দুপৰতে চলিছে থলুৱা মাছৰ উজান ধৰা পৰ্ব। মঙ্গলবাৰে দুপৰীয়া কিনকিনিয়া বৰষুণৰ বতৰত ঘিলামৰা-গোগামুখ লোকনিৰ্মাণ পথৰ "কজ ৱে' "ৰ সমীপতে চামপৰা অংশৰ পথাৰত মুকলিকৈ চলিছে এই উজানৰ মাছ ধৰা কাৰ্য ।

ঢকুৱাখনা মীন বিভাগৰ বিষয়া কৰ্মচাৰীৰ কৰ্মস্পৃহাহীন চৰিত্ৰ আৰু ঘিলামৰা আৰক্ষীৰ সোপাধিলা মানসিকতাৰ সুবৰ্ণ সুযোগ লৈ মুকলি ভাবেই এচাম অবিবেচকী ব্যক্তিয়ে থলুৱা কণীযুক্ত মাছ ধৰি থকা দৃশ্যই সচেতন মহলক ক্ষোভিত কৰি তুলিছে। হাতে হাতে পলহ, জুলুকী, মোনা আদি লৈ উজানৰ মাছ ধৰি মীন আইনক পদপিষ্ট কৰাৰ পাছতো মৰ ঘুমটি নাভাগে কাণ্ডজ্ঞানহীন মীন বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ।

কেৱল বেতন ল'বলৈ ক্ষণ গনা এই বিভাগটোৰ এনে উদাসীন ভূমিকাৰ সমান্তৰালভাবে সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ আৰু ঘিলামৰা আৰক্ষী , গাওঁৰক্ষী বাহিনীয়েও অতি নিষ্ক্ৰিয় ভূমিকা পালি প্ৰকৃতি প্ৰেমীৰ কটু সমালোচনাৰ পাত্ৰ হৈছে। ৰাজহুৱাকৈ ৰাজপথৰ দাঁতিত উজানৰ মাছ ধৰি একাংশ ঘৰমুৱা হ'ল যদিও এতিয়াও ২০ জন মান অবিবেচকী ব্যক্তিয়ে পুনৰ মাছৰ উজান উঠালৈ ক্ষণ গনি আছে।

বৰষুণতো তিতি বুৰি উজানলৈ অপেক্ষা কৰা এনেচাম মৎস্যলোভীৰ আইন বিৰুদ্ধ কাণ্ডত লেকাম লগাবলৈ মীন বিভাগ আৰু ঘিলামৰা আৰক্ষী সক্ষম নোহোৱাটোৱে উদ্বিগ্ন কৰি তুলিছে প্ৰকৃতিপ্ৰেমিক। এইক্ষেত্ৰত মহকুমাধিপতি কাৰ্ত্তিক কলিতাৰ জৰুৰী হস্তক্ষেপ সচেতন ৰাইজৰ কাম্য।

ঘিলামৰাত থলুৱা মাছৰ উজান ধৰাত ব্যস্ত মৎস্যলোভী...
লামডিঙত বাহনৰ ওপৰতে বাগৰিল বাঁহৰ প্ৰকাণ্ড গেট...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in