চিমেন চাপৰিত ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি

চিমেন চাপৰিত ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি

ডিজিটেল সংবাদ,ধেমাজি : ধেমাজি জিলাৰ চিমেন চাপৰি সোণাপুৰত অবিভক্ত লখিমপুৰ জিলা ব্ৰহ্মধৰ্ম সমিতিৰ সোণালী জয়ন্তীৰ উদযাপনৰ পূৰ্ণ প্ৰস্তুতি চলিছে। আয়োজক সমিতিয়ে জনোৱা অনুসৰি, অহা ৫, ৬ আৰু ৭ জানুৱাৰীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব সোণালী জয়ন্তী সমাৰোহ।

ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা সমবেত হ'ব লগা সমাৰোহৰ বাবে নিৰ্মাণ কৰিছে বিশাল প্ৰেক্ষাগৃহ। প্ৰতিনিধিৰ বাবেও নিৰ্মান কৰা হৈছে শিবিৰ। আখৰত ব্যস্ত হৈ পৰিছে বড়ো সাংস্কৃতিক দল। সমাৰোহ সফল কৰি তুলিবলৈ সকলোকে সহযোগৰ আহ্বান জনাইছে আয়োজক সমতিয়ে।

চিমেন চাপৰিত ব্ৰহ্ম ধৰ্ম সমিতিৰ সোণালী জয়ন্তী সমাৰোহৰ প্ৰস্তুতি
গ্ৰেপ্তাৰ হ'ব পাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in