কাছাৰৰ লাইলাপুৰত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দঃ দুজনক গ্ৰেপ্তাৰ..

কাছাৰৰ লাইলাপুৰত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দঃ দুজনক গ্ৰেপ্তাৰ..
কাছাৰৰ লাইলাপুৰত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দঃ দুজনক গ্ৰেপ্তাৰ..

ডিজিটেল সংবাদ শিলচৰঃ কাছাৰৰ লাইলাপুৰত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দ কৰিছে আৰক্ষীয়ে। মিজোৰাম সীমান্তৱৰ্তী লাইলাপুৰ তালাচী চকীত নিয়মীয়া তালাচী চলোৱাৰ সময়ত ধলাই আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা ৫০ কাৰ্টুন বিদেশী চিগাৰেট জব্দ কৰে।

মিজোৰামৰ পৰা শিলচৰ অভিমুখী UP78 DN-3901 নম্বৰৰ ট্ৰাকখনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা হয়‌ চিগাৰটেখিনি। নথি বিহীন বিদেশী চিগাৰেট সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ বেৰেলি জিলাৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে।

ধৃত লোক দুজন চাকিৰ খান আৰু ৰাহুল কুমাৰ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে।

কাছাৰৰ লাইলাপুৰত বুজন পৰিমাণৰ বিদেশী চিগাৰেট জব্দঃ দুজনক গ্ৰেপ্তাৰ..
ডিমাপুৰত প্ৰতিষ্ঠিত কৰিমগঞ্জৰ ব্যৱসায়ীক গুলীয়াই হত্যা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in