/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-03/d4i76ila/1878557c-6a17-47c6-82e2-e57c3951d21a.jpg)
ডিজিটেল সংবাদ, শিলচৰ: অশান্তজৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে নিৰাপত্তা বাহিনীয়ে। মঙলবাৰে কাংপকপি জিলাৰ দুটা স্থানত অভিযান চলাই এখন ড্ৰোণসহ বুজণ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰ কৰা হৈছে।
অভিযানৰ সময়ত খাইৰাম ভাইফেই এলেকাৰ পৰা ড্ৰোণখন উদ্ধাৰ কৰাৰ বিপৰীতে কাংচুপ পনলেন এলেকাৰ পৰা উদ্ধাৰ কৰা হয় অস্ত্ৰ-শস্ত্ৰখিনি। ইয়াৰ উপৰি কাংচুপ পনলেন এলেকাৰ পৰা ১০টা চিংগল ব’ৰ বেৰেল গান, ১টা ইম্প্ৰভাইজড মৰ্টাৰ, ৯টা ইম্প্ৰভাইজড মৰ্টাৰ বেৰেল, ২০টা জেলেটিন ষ্টিক, ৩০টা ডিটনেটৰ, ১০ মিটাৰ ফিউজ, ২টা কান্ত্ৰি মেড ৰকেট, ২ কিলোগ্ৰাম লিড শ্বট, ৯৪টা ফায়াৰ কেছ, ৫ টা ৰেডিঅ' চেটসহ বহু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-03/zyhj2f58/3c124ec2-d590-4c15-bdd1-c9e38294cb96.jpg)
অৱশ্যে এই সমূহ মাৰণাস্ত্ৰ উদ্ধাৰ কৰিলেও মাৰণাস্ত্ৰ লুকুৱাই ৰখা কোনো লোককে আটক কৰিব পৰা নাই নিৰাপত্তা বাহিনীয়ে।
Also Read: বিশাল ফুকনৰ পাছত চুমি বৰাৰ সন্ধানত নামিছে আৰক্ষী...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us