ৰাজহুৱা অনুষ্ঠানৰ বাবদ আৰোপ কৰা মাছুল প্ৰত্যাহাৰৰ‌ দাবী হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

ৰাজহুৱা অনুষ্ঠানৰ বাবদ আৰোপ কৰা মাছুল প্ৰত্যাহাৰৰ‌ দাবী হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

author-image
Asomiya Pratidin
New Update
ৰাজহুৱা অনুষ্ঠানৰ বাবদ আৰোপ কৰা মাছুল প্ৰত্যাহাৰৰ‌ দাবী হিন্দু যুৱ ছাত্ৰ পৰিষদৰ

ডিজিটৈল সংবাদ শিলচৰ: ৰাজহুৱা অনুষ্ঠান, সাংস্কৃতিক সমদল আদি আয়োজন কৰিলে চৰকাৰক কৰ দিব লাগিব বুলি ৰাজ্যৰ গৃহ বিভাগে জাৰি কৰা এক নিৰ্দেশৰ পিছতে ৰাজ্য জুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। এই প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে চৰকাৰে স্পষ্টীকৰণ দি এয়া কৰ নহয়, মাছুল বুলিহে উল্লেখ কৰিছে।

Advertisment

ইফালে, ৰাজহুৱা অনুষ্ঠান, সাংস্কৃতিক সমদল আদি আয়োজনৰ ক্ষেত্ৰত কৰ হওক অথবা মাছুলে হওক, প্ৰত্যাহাৰ কৰাৰ বাবে চৰকাৰক দাবী জনাইছে হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমে। পৰিষদৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি বলেন বৈশ্যই বৃহস্পতিবাৰে শিলচৰত এই মাছুল কিম্বা কৰৰ তীব্ৰ বিৰোধিতা কৰি শীঘ্ৰেই এই ধন সংগ্ৰহ ব্যৱস্থা প্ৰত্যাহাৰ কৰিবলৈ চৰকাৰক দাবী জনাইছে।

Also Read: কচুৱা মধ্য ইংৰাজী বিদ্যালয়ত এফ এল এনৰ ৫ দিনীয়া প্ৰশিক্ষণ শিবিৰ

hindu yuva chatra parisad