কচুৱা মধ্য ইংৰাজী বিদ্যালয়ত এফ এল এনৰ ৫ দিনীয়া প্ৰশিক্ষণ শিবিৰ

কচুৱা মধ্য ইংৰাজী বিদ্যালয়ত এফ এল এনৰ ৫ দিনীয়া প্ৰশিক্ষণ শিবিৰ

ডিজিটেল সংবাদ, কামপুৰঃ নিপুণ অসমৰ অন্তৰ্গত বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতা(FLN) ৰ কঠীয়াতলী শিক্ষা খণ্ডৰ ব্যৱস্থাপনাত অনুষ্ঠিত ৫ দিনীয়া নিম্ন প্ৰাথমিক পৰ্যায়ৰ শিক্ষক- শিক্ষয়িত্ৰী সকলৰ প্ৰশিক্ষণ শিবিৰ বৃহস্পতিবাৰৰ পৰা কচুৱা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰা হয়।

প্ৰশিক্ষণত ১০খন সমল কেন্দ্ৰৰ ১৪৭ গৰাকী শিক্ষাগুৰুয়ে অংশগ্ৰহণ কৰে। চি আৰ চি চি মতিউৰ ৰহমানে আঁত ধৰা প্ৰশিক্ষণ শিবিৰটোৰ শুভ উদ্বোধন কৰে খণ্ড সমল ব্যক্তি ৰতন দাসে।

কঠিয়াতলী শিক্ষা খণ্ডৰ ব্যৱস্থাপনাত অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত উপস্থিত থাকে কঠিয়াতলী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ বিদ্যালয়ৰ সহ পৰিদৰ্শক শংকৰ শেত্রী, কঠিয়াতলী মূখ্য গাণনিক মোস্তাচিৰ আলম, চি,আৰ, চি চি,ক্রমে আব্দুল লতিফ খান, আবুল কামাল আজাদ, ৰাতুল বৰা, পুলেন বৈশ্য আদি।

কচুৱা মধ্য ইংৰাজী বিদ্যালয়ত এফ এল এনৰ ৫ দিনীয়া প্ৰশিক্ষণ শিবিৰ
Nihang Sikh Open Fire: গুৰুদ্বাৰ দখলৰ বাবে নিহাং শিখৰ সংঘৰ্ষ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in