নৈশ বাছৰ পৰা ৯ কোটি টকাৰ হেৰ'ইন জব্দঃ তিনিজনক আটক...

নৈশ বাছৰ পৰা ৯ কোটি টকাৰ হেৰ'ইন জব্দঃ তিনিজনক আটক...
নৈশ বাছৰ পৰা ৯ কোটি টকাৰ হেৰ'ইন জব্দঃ তিনিজনক আটক...

ডিজিটেল সংবাদ শিলচৰঃ চুবুৰীয়া ৰাজ্য মেঘালয়ত ড্ৰাগছৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ। দুটা পৃথক অভিযানত প্ৰায় এক কিলোগ্ৰাম হেৰ'ইন জব্দ কৰিছে আৰক্ষীয়ে।

গোপন তথ্যৰ ভিত্তিত ৰিভয় জিলাৰ আৰক্ষীয়ে নংপোত শিলচৰৰ পৰা গুৱাহাটী অভিমুখী এ এছ ২৪ এ চি ১১৫২ নম্বৰৰ এখন নৈশ বাছত তালাচী চলাই জব্দ কৰে ৩০ টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা মুঠ ৯২১ গ্ৰাম হেৰʼইন জব্দ কৰা হয়।

জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ৯ কোটি টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে। হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বাচখনৰ চালক আৰু সহ-চালকৰ লগতে এজন আন্তঃৰাজ্যিক ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।

ড্ৰাগছখিনি মিজোৰামৰ পৰা কাছাৰৰ মাজেৰে গুৱাহাটী লৈ সৰবৰাহ কৰাৰ পৰিকল্পনা কৰিছিল ড্ৰাগছ ব্যৱসায়ীয়ে। ইফালে, আন এক ড্ৰাগছ বিৰোধী অভিযানত উত্তৰ গাৰো হিলছ আৰক্ষীৰ এন্টি নাৰ্কোটিকছ টাস্ক ফ'র্চে তুৰাৰ স্প্ৰিং হিলছৰ হেলিয়েল কে চাংমা নামৰ এজন লোকৰ পৰা ৩.৪ গ্ৰাম হেৰ’ইন জব্দ কৰে। লগতে গ্ৰেপ্তাৰ কৰা হয় ড্ৰাগছ সৰবৰাহকাৰী জনক।

নৈশ বাছৰ পৰা ৯ কোটি টকাৰ হেৰ'ইন জব্দঃ তিনিজনক আটক...
মিজোৰামত বলিছে নিৰ্বাচনী বতাহঃ এম এন এফে ঘোষণা কৰিলে পাৰ্থী তালিকা...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in