ঘিলামৰাত থলুৱা মাছৰ চোৰাং চিকাৰ...

ঘিলামৰাত থলুৱা মাছৰ চোৰাং চিকাৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ কথা আৰু কামৰ সাদৃশ্যহীনতাই বহু সময়ত ইস্পিত ফলাফল অর্জনত উজুটি খোৱা পৰিলক্ষিত হয়। শেহতীয়াভাৱে ঢকুৱাখনা মহকুমাত থলুৱা মাছ ধৰাত বিভাগীয় আৰু প্ৰশাসনীয় ভাবে জাৰি কৰা নিষেধাজ্ঞাৰ মাজত এনে বৈসাদৃশ্য দেখা পৰিলক্ষিত হৈছে।

প্ৰতিটো বর্ষৰ পহিলা এপিলৰ পৰা থলুৱা প্ৰজাতিৰ মাছ কাছ আদি ধৰা ,বিক্ৰী কৰা আৰু সৰবৰাহ কৰাত ৰাজ্যজুৰি নিষেধাজ্ঞা জাৰি কৰাটো এক সাৰ্বজনীন প্ৰক্রিয়া । ঢকুৱাখনা মহকুমাতো জাৰি কৰা হৈছে এই নিষেধাজ্ঞা। মহকুমা কাৰ্যবাহী দণ্ডাধীশৰ জৰিয়তে সমগ্ৰ মহকুমা জুৰি জাৰি কৰা এই নিষেধাজ্ঞাৰ জৰিয়তে মীন বিভাগ ,আৰক্ষী বিভাগ আৰু সংশ্লিষ্ট এলেকাৰ কাৰ্যবাহী দণ্ডাধীশসকলক এই মীন আইন আৰু চৰকাৰী নিৰ্দেশনা উলংঘাকাৰীক আইনগত শাস্তি বিহাৰ বাবে সতৰ্ক কৰি দিয়া হৈছে । কিন্তু বাস্তৱ ক্ষেত্ৰত এনেবোৰ পক্ষৰ লগতে এচাম অৰ্থলোভী আৰু মস্য লোভীৰ কৰাল গ্ৰাসত পৰি এই নিষেধাজ্ঞা ধোঁৱা চাঙত উঠাহে দৃষ্টিগোচৰ হৈছে ।

উল্লেখনীয় যে সোমবাৰে সন্ধিয়া ইয়াৰ বাস্তৱ ৰূপ পৰিলক্ষিত হ'ল সোৱণশিৰী ৰাজহ চক্ৰত। ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম ঘিলামৰাৰ বালিয়নীহৈ কানীয়া চুকৰ “ধেকীয়া ডোঙাৰ “ বিলত এচাম ধুৰন্ধৰ মাছ বেপাৰীয়ে মুকলি ভাৱেই মাছ ধৰি থকা সচেতন ৰাইজৰ দৃষ্টিগোচৰ হয়। বিলত নাৱেৰে বৰ জালে ব্যৱহাৰ কৰি মাছ ধৰি চৰকাৰী নিৰ্দেশনা প্ৰকাশ্যে উলংঘা কৰা এই নীতি বিৰুদ্ধ কার্য সন্দৰ্ভত মীন বিভাগ ,আৰক্ষী আৰু প্ৰশাসনক অৱগত কৰা হৈছিল । কিন্তু বিলখনত কণী যুক্ত থলুৱা মাছৰ বৃহৎ পৰিমানে ধৰি থকাৰ পাছতো প্ৰশাসনে কোনো পদক্ষেপ হাতত লোৱা নাই ।

স্মৰ্তব্য যে বলাহী চাম পৰা মীন মহলৰ অন্তৰ্গত বিভিন্ন অংশত এনেদৰে দৈনন্দিন চোৰাং মাছ ধৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে বুলি স্থানীয় ৰাইজে অভিযোগত প্ৰকাশ কৰে। মীন বিভাগৰ অকমন্য বিষয়া কৰ্মচাৰীৰ এইক্ষেত্ৰত সোপাধিলা ভূমিকাৰ বাবে এই মীন আইনৰ লগতে চৰকাৰী নিষেধাজ্ঞা মুকলিকৈ উলঙ্ঘন হৈ আহিছে । কেৱল নিষেধাজ্ঞা জাৰি কিম্বা সস্তীয়া প্ৰচাৰেৰে থলুৱা, দুষ্প্ৰাপ্য জলজ প্ৰাণী সংৰক্ষণ আৰু সুৰক্ষাৰ ঢাক ঢোল বজোৱাতে মীন বিভাগৰ দায়িত্ব ওপৰত স্থানীয় ৰাইজে প্ৰশ্ন উত্থাপিত কৰিছে।

ঘিলামৰাত থলুৱা মাছৰ চোৰাং চিকাৰ...
লামডিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in