কাছাৰত ৮ কোটি ৫০ লাখৰ নিচাযুক্ত সামগ্ৰী জব্দ

কাছাৰত ৮ কোটি ৫০ লাখৰ নিচাযুক্ত সামগ্ৰী জব্দ

ডিজিটেল সংবাদ,শিলচৰ: নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত কাছাৰ আৰক্ষীৰ । গোপন তথ্যৰ‌ ভিত্তিত ধলাই থানাৰ অন্তৰ্গত ধলাখালত অভিযান চলাই আৰক্ষীয়ে ১ কেজি ৭০০ গ্ৰাম সন্দেহজনক হেৰ'ইন জব্দ কৰে।

আব্দুল আহাদ লস্কৰ নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা জব্দ কৰা হয় হেৰ'ইন খিনি। ১৩৯ টা চাবোনৰ‌ বাকছত ভৰাই অনা হৈছিল হেৰ'ইন খিনি। জব্দ কৰা হেৰ'ইন খিনিৰ কলা বজাৰত মূল্য প্ৰায় ৮.৫ কোটি টকা।‌

হেৰ'ইন খিনি চুবুৰীয়া ৰাজ্যৰ পৰা কাছাৰৰ মাজেৰে বহিঃ ৰাজ্যলৈ সৰবৰাহৰ সময়ত গোপন তথ্যৰ ভিত্তিত ধলাখালত হেৰ'ইন খিনি জব্দ কৰা হয়। ইতিমধ্যে ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে আব্দুল আহাদক (৩৩) গ্ৰেপ্তাৰ কৰি ধলাই থানাত জেৰা অব্যাহত ৰাখিছে।‌ ধৃত আব্দুল আহাদৰ ঘৰ ধলাই থানাৰ অন্তৰ্গত জামালপুৰৰ নেপটাখালত।

উল্লেখ্য যে, বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ কৰা বাবে কাছাৰ আৰক্ষীক ধন্যবাদ জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ফেচবুক একাউন্ট আৰু এক্স হেণ্ডেলত টুইট কৰি আৰক্ষীক ধন্যবাদ জনাই মুখ্যমন্ত্ৰীয়ে।

কাছাৰত ৮ কোটি ৫০ লাখৰ নিচাযুক্ত সামগ্ৰী জব্দ
সাৰৰ দোকানত ওলাল নিচাযুক্ত সামগ্ৰীঃ আটক সৰবৰাহকাৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in