সাৰৰ দোকানত ওলাল নিচাযুক্ত সামগ্ৰীঃ আটক সৰবৰাহকাৰী

সাৰৰ দোকানত ওলাল নিচাযুক্ত সামগ্ৰীঃ আটক সৰবৰাহকাৰী

author-image
Asomiya Pratidin
New Update
সাৰৰ দোকানত ওলাল নিচাযুক্ত সামগ্ৰীঃ আটক সৰবৰাহকাৰী

ডিজিটেল সংবাদ,লংকাঃ নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে হোজাই আৰক্ষীৰ অভিযান তুংগত। বৃহস্পতিবাৰে লংকাৰ কাকীৰ অন্তৰ্গত এখন সাৰৰ দোকানৰ পৰা ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। বিশেষ সূত্ৰৰ পম খেদি কাকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া শ্যামল জ্যোতি ফুকন আৰু আৰক্ষী বিষয়া মৃণ্ময় বৰাই ড্ৰাগছৰ বিৰুদ্ধে ১ নং কাকী চাৰিআলিত অভিযান চলায়।

Advertisment

অভিযানত আৰক্ষীয়ে গৌৰাং শৰ্মা নামৰ সাৰ ব্যৱসায়ী জনৰ দোকানৰ পৰা এটা কন্টেইনা সহ ড্ৰাগছ জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গৌৰাং শৰ্মা পুত্ৰ পাপন শৰ্মাক আটক কৰে। আটকাধীন যুৱক জনক কাকী আৰক্ষীয়ে অধিক তথ্যৰ বাবে সোধপোছ চলাই আছে। যুৱক জনৰ পৰা কেইবাটাও খালী কন্টেইনাৰ আৰু চিৰিঞ্জ জব্দ কৰে আৰক্ষীয়ে।

hojai news drugs seized lanka