/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
শিলচৰত উদ্ধাৰ গুৱাহাটীৰ যুৱকৰ মৃতদেহ উদ্ধাৰ...
ডিজিটেল ডেস্কঃ শিলচৰত উদ্ধাৰ হৈছে গুৱাহাটীৰ এজন যুৱকৰ মৃতদেহ। জানিব পৰা মতে শিলচৰ মেডিকেল কলেজ হাস্পতালৰ সন্মুখত উদ্ধাৰ হৈছে এই মৃতদেহ।
মৃতদেহটো গুৱাহাটী ভাস্কৰ নগৰৰ কাৰ্তিক ৰায় বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে তেওঁৰ কিদৰে মৃত্যু হ'ল সেই বিষয়ে এতিয়াও জানিব পৰা নাই।
ইফালে ঘটনাস্থলীত উপস্থিত হৈছে স্থানীয় শিলচৰ আৰক্ষী। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে।
Also Read: লিখিত প্ৰশ্নৰ লিখিত উত্তৰ দিব লাগিব সাংসদ পুঁজিৰ কেলেংকাৰীক নিলম্বিত বিষয়া সুকন্যা বৰাই...