/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f6bc45aa-8f8d-48c2-8f5c-482ecf19479a/sukanya_bora_20.jpg)
লিখিত প্ৰশ্নৰ লিখিত উত্তৰ দিব লাগিব সাংসদ পুঁজিৰ কেলেংকাৰীক নিলম্বিত বিষয়া সুকন্যা বৰাই...
ডিজিটেল ডেস্কঃ সাংসদ পুঁজিৰ কেলেংকাৰীৰে জড়িত হৈ নিলম্বিত হোৱা এ চি এছ বিষয়া সুকন্যা বৰা পুনৰ হাজিৰ হ'ব লাগিব মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষত। উল্লেখ্য এইগৰাকী নিলম্বিত বিষয়াই আন কেইবাজনো বিষয়াৰ সৈতে মিলি সাংসদ পুঁজিৰ কোনো উন্নয়নমূলক কাম নকৰাকৈয়ে ধন সৰকাই নিছিল।
সাংসদপুঁজিৰ কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে সুকন্যা বৰাৰ আয়ৰ অনুপাতে পাহাৰ সদৃশ সম্পত্তিৰ দিশটোও পোহৰলৈ আহিছে। গুৱাহাটীৰ কেইবাটাও স্থানত সম্পত্তিৰ পাহাৰ গঢ়া নিলম্বিত এ ডি চি সুকন্যা বৰাই ইমান কম সময়ৰ ভিতিৰত এই সম্পত্তিৰ পাহাৰ গঢ়িবলৈ ধন ক'ত পালে সেয়াও প্ৰশ্নৰ বিষয়।
সেয়ে এনেবোৰ দিশো তদন্তৰ আওঁতালৈ নিশ্চয় আহিছে। মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে আজি পুৱা ১০ বজাত সুকন্যা বৰাক হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান কৰিছে।
জানিব পৰা মতে সুকন্যা বৰাই লিখিতৰূপত জমা দিব লাগিব বহু প্ৰশ্নৰ উত্তৰ। সোমবাৰে তেওঁক লিখিত ৰূপত দি পঠিওৱা হৈছিল বহু প্ৰশ্নভৰ্তি এখন পত্ৰ। এই সকলো প্ৰশ্নৰে উত্তৰ লিখিত ৰূপত বিচাৰিছে মুখ্যমন্ত্ৰীৰ বিশেষ নিৰীক্ষণ কোষে।
Also Read: আজি কংগ্ৰেছত যোগদান কৰিব ৩ বাৰকৈ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা শক্তিশালী নেতাই...