কাইলৈৰ পৰা কাছাৰত আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

গুণোৎসৱ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে।

author-image
Asomiya Pratidin
New Update
কাইলৈৰ পৰা কাছাৰত আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

ডিজিটেল সংবাদ, শিলচৰ: মঙলবাৰৰ পৰা কাছাৰ জিলাত আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। গুণোৎসৱ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে জিলা প্ৰশাসনে।

Advertisment

কাছাৰ জিলাৰ মুঠ ২১৬২ খন স্কুলত হ'ব এই তৃতীয় পৰ্যায়ৰ গুণোৎসৱ। মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈ তিনিদিনীয়াকৈ হ'ব লগা এই গুণোৎসৱৰ প্ৰথম দিনা অৰ্থাৎ মঙ্গলবাৰে ৭৪২ খন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন কৰা হ'ব।

সেইদৰে বুধবাৰে ৭২২ খন আৰু বৃহস্পতিবাৰে মুঠ ৬৯৮ খন স্কুলত গুণোৎসৱ আৰম্ভ হ'ব। গুণোৎসৱ পৰ্যবেক্ষণ কৰিবলৈ ইতিমধ্যে গুৱাহাটীৰ পৰা আই পি এচ, আই এ এচ, আই এফ এচসহ চাৰি গৰাকী ভি আই পি শিলচৰত উপস্থিতি হৈছে। সোমবাৰে শিলচৰত আয়োজিত এক সংবাদ মেলত গুণোৎসৱৰ বিতং তথ্য সদৰি কৰে ভাৰপ্ৰাপ্ত আইএচ তথ সহকাৰী জিলা আয়ুক্ত বন্নিক্ষা চেতিয়া আৰু গুণোৎসৱৰ নডেল বিষয়া বিদ্যুত দেব চৌধুৰীয়ে।

Also Read: ইংখং ওৱেলফেয়াৰ ছচাইটিৰ " মেন অফ দ্য ইয়েৰ " বঁটা জাপানৰ প্ৰফেচাৰ কায়ুকি কিৰ্জুলৈ

cachar