ইংখং ওৱেলফেয়াৰ ছচাইটিৰ " মেন অফ দ্য ইয়েৰ " বঁটা জাপানৰ প্ৰফেচাৰ কায়ুকি কিৰ্জুলৈ

ইংখং ওৱেলফেয়াৰ ছচাইটিৰ " মেন অফ দ্য ইয়েৰ " বঁটা জাপানৰ প্ৰফেচাৰ কায়ুকি কিৰ্জুলৈ

ডিজিটেল সংবাদ, বাক্সাঃ বড়ো ভাষাৰ প্ৰথম এদিনীয়া বাতৰি কাকত " বড়োলেণ্ড ইংখং " গোষ্ঠীৰ সহযোগী ইংখং ওৱেলফেয়াৰ ছচাইটিয়ে প্ৰতি বছৰে প্ৰদান কৰি অহা " মেন অফ দ্য ইয়েৰ " বঁটাৰ বাবে এই বৰ্ষত জাপানৰ প্ৰফেচাৰ কায়ুকি কিৰ্জুক নিৰ্বাচিত কৰে । এই বঁটা অহা ১১ ফেব্ৰুৱাৰীত নেপালত প্ৰদান কৰিবলৈ প্ৰস্তুতি চলাইছে।

নেপাল ৰাষ্ট্ৰৰ ঝাপা জিলাৰ আইনাবাৰীত আয়োজিত অনুষ্ঠানত এই "মেন অফ দ্য ইয়েৰ,২০২৩'' বটাঁটো জাপান মিমাচাকা বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ কায়ুকি কিৰ্জুক প্ৰদান কৰিব । উল্লেখ্য যে " মেন অফ দ্য ইয়েৰ " বঁটাটো ইংখং ওৱেলফেয়াৰ ছচাইটিয়ে বিভিন্ন পৰ্য্যায়ত, বিভাগৰ বিশিষ্ট ব্যক্তি তথা ভাল কাম কৰা বিশিষ্ট লোক সকলৰ মাজত নিৰ্বাচিত কৰি প্ৰদান কৰি আহিছে । ঠিক তেনেদৰে এই বৰ্ষত জাপানৰ প্ৰফেচাৰ কায়ুকি কিৰ্জুক প্ৰদান কৰিবলৈ ছচাইটিয়ে নিৰ্বাচিত কৰিছে ।

কিৰ্জুয়ে নেপালত থকা মাত্ৰ চাৰি হাজাৰ মেছে (বড়ো) জনগোষ্ঠীৰ ওপৰত গৱেষণা কৰি জনগোষ্ঠীটোক আন্তৰ্জাতিক দৰবাৰত কম সংখ্যক জনগোষ্ঠী বুলি চিনাক্ত কৰিছে । তেওঁ জাপানত থাকিই বড়ো ভাষাটো কোনো ভুল নোহোৱাকৈ সলসলাই ক'ব পাৰে । বিগত দিনবোৰত অসমত বড়ো সকলৰ বিভিন্ন দল -সংগঠনবোৰে সভা-সমিতিবোৰত অতিথি হিচাপে আমন্ত্ৰণ কৰি আহিছে । সেই সভা-সমিতিবোৰৰ অতিথিৰ ভাষনত তেওঁ বড়ো ভাষাতেই ভাষন ৰাখি আহিছে।

ইংখং ওৱেলফেয়াৰ ছচাইটিৰ " মেন অফ দ্য ইয়েৰ " বঁটা জাপানৰ প্ৰফেচাৰ কায়ুকি কিৰ্জুলৈ
গণ ধৰ্ষণ কাণ্ডৰে জড়িত ১০ জনক মৃত্যুদণ্ড, ৬ জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in