ত্ৰিপুৰাত গাঞ্জা জব্দ : ২জনক গ্ৰেপ্তাৰ

ত্ৰিপুৰাত গাঞ্জা জব্দ : ২জনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,শিলচৰ : নিচামুক্ত ত্ৰিপুৰা গঢ়াৰ লক্ষ্যৰে চুবুৰীয়া ৰাজ্যখনত অব্যাহত আছে মাদকদ্ৰব্য বিৰোধী অভিযান। এই অভিযানৰ অংশস্বৰূপে শুক্ৰবাৰে ধলাই আৰক্ষীয়ে বুজন পৰিমাণৰ গাঞ্জা জব্দ কৰে।‌

ধলাই জিলাৰ অন্তৰ্গত আমবাছা আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে গাঞ্জাখিনি।‌ বেতবাগান নাকা পইন্টত এখন ট্ৰাকত তালাচী চলাই ৪৫ টা গাঞ্জাৰ পেকেট উদ্ধাৰ কৰা হয়।‌

আৰক্ষীয়ে জনোৱামতে ট্ৰাকখনৰ টায়াৰ ভিতৰত লুকুৱাই অনা পেকেট কেইটাৰ পৰা মুঠ ১৩২ কেজি গাঞ্জা জব্দ কৰা হয়। গাঞ্জাৰ সৈতে বাহনখনৰ চালকসহ দুজনক গ্ৰেপ্তাৰ কৰে। গাঞ্জা সৰবৰাহৰ অভিযোগত দুজনক গ্ৰেপ্তাৰ কৰা হয়।

ত্ৰিপুৰাত গাঞ্জা জব্দ : ২জনক গ্ৰেপ্তাৰ
হোজাইৰ দক্ষিণ বিদ্যানগৰত ভয়ংকৰ অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in