কাছাৰত কোটি টকাৰ য়াবা টেবলেটসহ ৪জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

কাছাৰত কোটি টকাৰ য়াবা টেবলেটসহ ৪জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

জব্দ কৰা হেৰ'ইনৰ আৰু টেবলেটৰ মূল্য প্ৰায় ৬ কোটি টকা হ'ব

ডিজিটেল সংবাদ,শিলচৰ : ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই লক্ষীপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰাৰ লগতে মণিপুৰৰ ৩জনক গ্ৰেপ্তাৰৰ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত ৪জনক গ্ৰেপ্তাৰ কৰিছে।

সৰবৰাহকাৰী কেইজনৰ পৰা ৩৮টা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰা হয়। চাবোনৰ বাকচ কেইটাৰ পৰা মুঠ ৫০০ হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। তদুপৰি, তেওঁলোকৰ পৰা ১৫,৮০০ নিচাজাতীয় য়াবা টেবলেট জব্দ কৰা হয়। জব্দ কৰা হেৰ'ইনৰ আৰু টেবলেটৰ মূল্য প্ৰায় ৬ কোটি টকা হ'ব।

কাছাৰ আৰক্ষীয়ে সদৰি কৰামতে, মণিপুৰৰ ফেৰজোল জিলাৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন আৰু টেবলেট লৈ কাছাৰ জিলালৈ আহিছিল মণিপুৰৰ তিনিজন ড্ৰাগছ ব্যৱসায়ী। গোপন তথ্যৰ ভিত্তিত এই খবৰ পোৱাৰ পিছতে লক্ষীপুৰ আৰক্ষীৰ দল এটাই এই ড্ৰাগছ সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে অভিযান চলাই লক্ষীপুৰ ফুলেৰতলৰ পৰা ড্ৰাগছসহ সৰবৰাহকাৰী কেইজনক গ্ৰেপ্তাৰ কৰে।

ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন থাং মং মাৰ, বিয়েকছাং এবেনেজাৰ থিক আৰু পেট্ৰিক পুদৈতা।‌ ইয়াৰে পেট্ৰিক পুদৈতাৰ ঘৰ কাছাৰৰ লক্ষীপুৰত আৰু প্ৰথম তিনি জনৰ‌ ঘৰ মণিপুৰৰ শিৱপুৰী খালত বুলি সদৰি কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰৰ পিছত ধৃত লোক কেইজনক লক্ষীপুৰ থানাত জেৰা কৰি আছে আৰক্ষীয়ে।

কাছাৰত কোটি টকাৰ য়াবা টেবলেটসহ ৪জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
অসম নাট্য সম্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিৱেশন উপলক্ষে কিছু প্রাসঙ্গিক অনুভৱ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in