অসম নাট্য সম্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিৱেশন উপলক্ষে কিছু প্রাসঙ্গিক অনুভৱ

অপেচাদাৰী নাট্যগোষ্ঠীৰ বাবে উপযুক্ত নাটক ৰচনা কৰিব পৰা দক্ষ নাট্যকাৰৰ অভাৱ পৰিলক্ষিত হৈছে। ব্যৱস্থাপনা ব্যয় আদিৰ ক্ষেত্ৰত হাত ধৰিব লগা হোৱা বাবে নাট্যকাৰসকলে পূর্ণাঙ্গ নাটকক লৈ সম্পৰীক্ষা কৰাৰ ইচ্ছা থাকিলেও বাৰণ কৰিব লগা হৈছে।
অসম নাট্য সম্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিৱেশন উপলক্ষে কিছু প্রাসঙ্গিক অনুভৱ

অসম নাট্য সম্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিৱেশন উপলক্ষে অসমীয়া প্ৰতিদিন ডিজিটেলৰ 'মোৰ মত' শিতানত সাহিত্যিক-শিক্ষাবিদ ড০ সঞ্জীৱ কুমাৰ শৰ্মাৰ এই লেখা...

অসমৰ নাট্যধাৰা শংকৰী যুগত পুনঃ প্রতিষ্ঠা হোৱাৰে পৰা যোৱা ডেৰশ বছৰীয়া পৰিৱর্তনমুখী ধাৰাটোত পাশ্চাত্য আৰু থলুৱা লোকনাট্য পৰম্পৰাৰ সংমিশ্রণ ঘটি এক আধুনিক নাট্যপ্রবাহ সৃষ্টি হ'ল। বিনোদনধর্মী কলা হিচাপে যদিও নাটক ধৰা হয় তথাপি নাটকৰ জৰিয়তে সমাজক শিক্ষিত কৰিব পাৰি।

জীৱন ধাৰণৰ প্রতিটো কলাই নাটকত সামৰি লোৱা হয়। জীৱনৰ ঘাত-প্রতিঘাত, চৌদিশৰ বাস্তৱ- এই সকলোৰে প্রতিফলন ঘটে নাটকত। গতিশীল সমাজ জীৱনত ইতিবাচক দৃষ্টিভংগী আৰু ঊর্ধ্বমুখী চেতনাই সমাজ প্রাণময় আৰু পৰিৱর্তন হৈ গৈ থাকে।

ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱেও বিশ্বাস কৰিছিল ৰূপান্তৰেহে জগত ধুনীয়া কৰে। তেখেতৰ পৰিৱর্তনশীল চিন্তাৰ প্রতিফলন ঘটিছিল চৈধ্য বছৰ বয়সতে ৰচনা কৰা আৰু তেজপুৰ নগৰীৰ 'বাণ থিয়েটাৰ'ত মঞ্চস্থ কৰা 'শোণিতকুঁৱৰী' নাটখনৰ মাজেৰে।

আপোচহীন ৰূপান্তৰকামী মনোভাবেৰে 'তিনিও কালৰ' শিল্পী জ্যোতিপ্রসাদ আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই অসমৰ থলুৱা গীত-মাতক অগ্রাধিকাৰ দি বিদেশী, বঙলুৱা গীত-মাত, সুৰক যথাযথ প্রত্যাহ্বান জনাবলৈ সক্ষম হৈছিল। এওঁলোকৰ সান্নিধ্যত ফণী শৰ্মাৰ দৰে অভিনেতা আৰু চেমনীয়া শিল্পী ভূপেন হাজৰিকাও উজ্বলি উঠিছিল। অসমৰ সাম্প্রতিক আৰু অতীতৰ নাট্যধাৰাৰ সমাজ জীৱনলৈ আগবঢ়োৱা গতিশীল আৰু প্রাণৱন্ত ধাৰাৰ পাৰ্থক্য সুস্পষ্ট ৰূপত ধৰা দিছে।

শংকৰী যুগৰ অংকীয়া নাটৰ পৰা পৌৰাণিক আধুনিক নাটকলৈ, যাত্ৰাৰ পৰা ভ্ৰাম্যমাণলৈ, অপেচাদাৰীৰ পৰা অন্তৰংগ থিয়েটাৰলৈ- এই সুদীর্ঘ পৰিক্ৰমাত অসমৰ সমাজ জীৱনৰ বিভিন্ন সংঘ, সমিতি, নাট্যগোষ্ঠীৰ অৰিহণা উল্লেখযোগ্য। বিষ্ণু ৰাভা আৰু সেই সময়ৰ সমসাময়িক নাট্যযোদ্ধাসকলৰ সংঘৱদ্ধ প্রচেষ্টাত গঢ়ি উঠা অসম নাট্য সম্মিলনে যোৱা প্রায় ৬৫ বছৰে নিৰৱচ্ছিন্নভাবে অসমৰ নাট্য আন্দোলনক এক গতি প্রদান কৰাৰ প্ৰয়াস কৰি আহিছে।

কুৰিখনকৈ নির্বাচিত নাটকৰ তিনিটাকৈ খণ্ড, মণ্ডল ভিত্তিত অনুষ্ঠিত নাট প্রতিযোগিতাসমূহৰ নিৰ্বাচিত নাট্য সংকলন, নাট বিষয়ক গৱেষণালব্ধ গ্রন্থ আৰু শেহতীয়াকৈ যোৱা ২০২০ চনৰ পৰা এই ছমহীয়া পত্রিকা 'ৰঙ্গমঞ্চ'ৰ প্রকাশ আদি উল্লেখযোগ্য কাৰ্যসূচীৰে অসমৰ চুকে-কোণে নাট্য আন্দোলনক সক্রিয় ৰূপ দিয়াত যৎপৰোনাক্তি চেষ্টা চলাই আহিছে। অপেচাদাৰী নাটকৰ এই ঐতিহ্যময়ী পৰম্পৰাক গতিশীল কৰি ৰাখিবলৈ চৰকাৰে অধিক সক্রিয়তা আৰু দায়বদ্ধতাৰে সহায়-সহযোগিতা আগবঢ়াব লাগিব।

অৱশ্যে স্বাধীনতাৰ আগৰ সময়ছোৱাত ৰাইজৰ দান-বৰঙণি, আগ্রহী ধনাঢ্য ব্যক্তিৰ সহযোগত অসমৰ সৰু-বৰ মফচলীয়া নগৰত নাট্যমঞ্চ বা নাট্যমন্দিৰ গঢ়ি উঠিছিল। গুৱাহাটীৰ কুমাৰ ভাস্কৰ নাট্যমন্দিৰ, নগাঁও নাট্যমন্দিৰ, ডিব্ৰুগড় মিলন নাট্যমন্দিৰ, শিৱসাগৰ নাট্যমন্দিৰ, যোৰহাট থিয়েটাৰ, বিজনী নাট্যমন্দিৰ, বৰপেটা মিলন মন্দিৰ, ধুবুৰী অসম সংঘ, নলবাৰী নাট্যমন্দিৰ, বাণ থিয়েটাৰ, পঞ্চানন নাট্য মন্দিৰ (লখিমপুৰ), বালিজানা নাট্যমন্দিৰ, ধৰ্মপুৰ জ্ঞানদায়িনী নাট্যসমাজ, ৰূপকোঁৱৰ কলা পৰিষদ (চামতা), দেৰগাঁও নাট্যমন্দিৰ আদি কৰি প্রায় ছয়সত্তৰটা নাট্যমন্দিৰ আৰু ইয়াৰ ভিতৰত কেইবাটাও মন্দিৰ শতবার্ষিকী পালন কৰিছে।

কিছুসংখ্যক ৰাইজৰ দান-বৰঙণিৰ আৰু কেইবাটাও নাটঘৰ চৰকাৰী সাহায্যত পুনঃনিৰ্মাণৰ কাম আৰম্ভ হৈছে। এনেধৰণে পুনৰ নিৰ্মাণ কৰোঁতে সম্পূর্ণ আধুনিক, বিজ্ঞানসন্মত নাট্যমন্দিৰ যেন নির্মাণ হয় এই ক্ষেত্ৰত চৰকাৰৰ সংশ্লিষ্ট কর্তৃপক্ষৰ লগতে সদাশয় নাট্যপ্রেমী ৰাইজেও মনোযোগ দিয়া প্রয়োজন। অন্যথা এই প্রেক্ষাগৃহবোৰ গতিশীল মঞ্চ নহৈ সাধাৰণ সভাকক্ষত পৰিণত হ'ব।

নাট্যচর্চাৰ ধাৰাবাহিকতা অব্যাহত ৰাখিবলৈ আৰু নাট্য আন্দোলনটোক সক্ৰিয় কৰি প্রতিষ্ঠিত কৰিবলৈ মৌলিক নাটকৰ প্রয়োজন। সাম্প্রতিক সময়ত নাট্যগোষ্ঠীসকলৰ মাজত মৌলিক নাট্যকাৰৰ অভাৱ ঘটা দেখা গৈছে। নাট্যগোষ্ঠীসকলে সেয়েহে পুৰণি জনপ্রিয় নাটক অথবা আমদানিকৃত নাট মঞ্চস্থ কৰিবলগা হৈছে। আমদানিকৃত নাট উপস্থাপন কৰোঁতে নাট্যগোষ্ঠীটোৰ শিল্পীসকলৰ চৰিত্ৰ নাট্যকাৰসকলৰ বোধগম্য নহয়। ফলত নাটক মঞ্চস্থ কৰাৰ দুৰ্বাৰ আকাংক্ষাৰে আখৰা আৰম্ভ কৰিলেও সময়ত বিভিন্ন বেমেজালিৰ সৃষ্টি হয়।

অপেচাদাৰী নাট্যগোষ্ঠীৰ বাবে উপযুক্ত নাটক ৰচনা কৰিব পৰা দক্ষ নাট্যকাৰৰ অভাৱ পৰিলক্ষিত হৈছে। ব্যৱস্থাপনা ব্যয় আদিৰ ক্ষেত্ৰত হাত ধৰিব লগা হোৱা বাবে নাট্যকাৰসকলে পূর্ণাঙ্গ নাটকক লৈ সম্পৰীক্ষা কৰাৰ ইচ্ছা থাকিলেও বাৰণ কৰিব লগা হৈছে।

মঞ্চসজ্জা, পোহৰ তথা আঙ্গিকৰ ফালৰ পৰা নাট্যগোষ্ঠীসমূহে ব্যয় সংকোচন কৰিবলগা হোৱাত দর্শকৰ পৰা যথোপযুক্ত সহাঁৰি পাবলৈ সক্ষম হোৱা নাই। ফলস্বৰূপে নাট্যগোষ্ঠীসমূহে বছৰেকত এবাৰ বা দুবাৰ নাট প্রযোজনা কৰিয়েই ক্ষান্ত থাকিব লগা হৈছে।

এইক্ষেত্রত এক ব্যতিক্রমী প্রযোজনা উল্লেখ নকৰি নোৱাৰিলো। দিল্লীত অলপতে মঞ্চস্থ হৈ যোৱা 'আম্বেদকাৰ' নামৰ নাটকখনে খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। নাটখনৰ মঞ্চসজ্জা, পোহৰ, নৃত্য আদিৰে এখন সম্পূর্ণ বায়'পিক আৰ্হিৰ নাটক হিচাপে দর্শকৰ সমাদৰ লাভ কৰিছে।

শুনিবলৈ পোৱা মতে নাটখনৰ প্রযোজনা ব্যয় প্রায় কেবাকৌটিৰ ওচৰা-ওচৰি। অৱশ্যে আমাৰ ৰাজ্যত এনেধৰণৰ ব্যয়বহুল প্রযোজনা সম্ভৱপৰ নহয়। তথাপি আধুনিক কাৰিকৰী প্ৰযুক্তিৰ যুগত ফেৰ মাৰিবলৈ প্রয়াস হয়তো কৰিব লাগিব।

অসমৰ নাট্য আন্দোলনৰ সুস্থ-সজীৱ পৰম্পৰা অব্যাহত ৰাখিবলৈ প্রযোজনাৰ লগতে নাট্য সাহিত্য আৰু নাট সমালোচনাৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমৰ যথেষ্ট কৰণীয় আছে। নাটক তথা নাট মঞ্চায়নৰ অভিজ্ঞতাসম্পন্ন ব্যক্তিসকলে নাট সমালোচনাত আগভাগ লৈ নাট্য আন্দোলনটোক আগবঢ়াই নিয়াৰ প্রচেষ্টা গতিশীল কৰিব লাগিব।

অসমৰ নাটকৰ বিকাশত নাট্য সংগঠনৰ বিশেষকৈ অসম নাট্য সম্মিলনৰ দৰে ৬০ বছৰীয়া অনুষ্ঠানৰ দায়িত্ব সুদূৰ প্ৰসাৰী। নাট্য আন্দোলনক সমৃদ্ধ কৰিবলৈ অসমৰ নাট্যপ্রেমী ৰাইজে নাট্য সম্মিলনক সুদৃঢ় কৰাত হাত উজান দিয়ক তাৰেই কামনাৰে।

জয় আই অসম, জয়তু অসম নাট্য সম্মিলন।

অসম নাট্য সম্মিলনৰ ৬২ সংখ্যক তেজপুৰ অধিৱেশন উপলক্ষে কিছু প্রাসঙ্গিক অনুভৱ
লীনা শৰ্মাৰ "সাগৰিকা": এটা পৰ্য্যালোচনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in