/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/e4803403-f4f1-44fb-83a5-7d6370e46e20/drugs_29.jpg)
ড্ৰাগছ সৰবৰাহত নামিল সাংবাদিকোঃ কাছাৰত হেৰ'ইনসহ ৪ জনক গ্ৰেপ্তাৰ...
ডিজিটেল ডেস্কঃ এইবাৰ ড্ৰাগছ সৰবৰাহত নামিল সাংবাদিক। কাছাৰত ৪ জন যুৱকক ড্ৰাগছৰ সৈতে গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিল এই তথ্য।
উল্লেখ্য যে, কাছাৰৰ বৰখলাত গ্ৰেপ্তাৰ কৰা হৈছে ৪ গৰাকী ড্ৰাগছ সৰবৰাহকাৰী। এই ড্ৰাগছ সৰবৰাহকাৰীসকল হৈছে মুন্না খান, আজাউৰ ৰহমান, আচিবুৰ ৰহমান, বিশাল বৈদ্য। ইয়াৰে মুন্না খানৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এখন প্ৰেছ কাৰ্ড।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আটাইকেইজন লোকৰ পৰা জব্দ কৰিছে বুজন পৰিমাণৰ হেৰ'ইন। বৰখলা টোলগেটত আৰক্ষীয়ে চলোৱা এই অভিযানত জব্দ কৰা হৈছে হেৰ'ইনখিনি।
ইয়াৰোপৰি আৰক্ষীয়ে তেওঁলোকৰ পৰা জব্দ কৰিছে এখন চাৰিচকীয়া বাহন। বাহনখনৰ নম্বৰ এ এছ ০৬ ই ৭৯৭৯।
Also Read: পেগাছাচ সম্পৰ্কে সতৰ্কবাণী প্ৰেৰণ কৰি ভাৰত চৰকাৰৰ ৰোষত এপলৰ বিষয়া...