পেগাছাচ সম্পৰ্কে সতৰ্কবাণী প্ৰেৰণ কৰি ভাৰত চৰকাৰৰ ৰোষত এপলৰ বিষয়া...

পেগাছাচ সম্পৰ্কে সতৰ্কবাণী প্ৰেৰণ কৰি ভাৰত চৰকাৰৰ ৰোষত এপলৰ বিষয়া...
পেগাছাচ সম্পৰ্কে সতৰ্কবাণী প্ৰেৰণ কৰি ভাৰত চৰকাৰৰ ৰোষত এপলৰ বিষয়া...

ডিজিটেল ডেস্কঃ এপলৰ আইফোন ব্যৱহাৰকাৰীসকললৈ সতৰ্কবাণী প্ৰেৰণ কৰি ৰাষ্ট্ৰৰ ৰোষত পৰিছে এপলৰ ভাৰতস্থিত সংশ্লিষ্ট বিষয়া। কিছু দিনৰ পূৰ্বে এপলৰ আইফোন ব্যৱহাৰকাৰী একাংশ নেতালৈ এপলৰ ফালৰ পৰা এক সতৰ্কবাণী প্ৰেৰণ কৰা হৈছিল।

য'ত কোৱা হৈছিল - আপোনাৰ ফোন ৰাষ্ট্ৰৰ নিয়ন্ত্ৰিত হেকিংৰ লক্ষ্য হৈ পৰিছে। ইয়াৰ পাছত পৰীক্ষা কৰি দেখা পোৱা গৈছিল যে এই ফোনসমূহত পেগাছাছ নামৰ এক চফ্টৱেৰ সোমোৱাই দিয়া হৈছে।

এই পেগাছাছ চফ্টৱেৰ ভাৰত চৰকাৰে ইজৰাইলৰ পৰা ক্ৰয় কৰিছিল। এই ঘটনা সংঘটিত হৈছিল চলিত বছৰৰে অক্টোবৰ মাহত। যিসকলৰ মোবাইললৈ এই সতৰ্কবাণী এপলে প্ৰেৰণ কৰিছিল তেওঁলোকৰ ভিতৰত কোনোবা যদি বিৰোধী দলৰ নেতা বা নেত্ৰী আন কোনোবা মানৱ অধিকাৰ কৰ্মী তথা সাংবাদিক, দল, সংগঠনৰ নেতা।

ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে এপলৰ ভাৰতস্থিত শীৰ্ষ বিষয়াক তলব কৰে। তেওঁক এপলৰ গ্ৰাহকলৈ তেওঁলোকে কিয় সতৰ্কবাণী প্ৰেৰণ কৰিছিল সেই বিষয়ে প্ৰশ্ন কৰা হৈছিল। বিষয়াজনে ভাৰত চৰকাৰক অৱগত কৰিছিল যে, এয়া তেওঁলোকে গ্ৰাহকক প্ৰদান কৰা সুৰক্ষা প্ৰণালীৰ এটা অংশ।

তেওঁ কয়, গ্ৰাহকক এই সেৱা প্ৰদান কৰাটো হৈছে আমেৰিকান চিলিকন ভেলী কোম্পানীৰ ব্যৱসায়ীক নীতি, যি নীতি তেওঁৰ দৰে আঞ্চলিক পৰ্যায়ৰ বিষয়াই সলনি কৰিব নোৱাৰে। ইয়াৰ পিছত ভাৰত চৰকাৰে এপলৰ আন এজন জ্যেষ্ঠ কাৰ্যবাহীক মাতি পঠিয়াই আৰু ভাৰতীয় গ্ৰাহকক কোনো সতৰ্কবাণী নিদিবলৈ হেঁচা প্ৰদান কৰিছিল।

এই কথা আমেৰিকান সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। তেওঁ কয়, ভাৰত চৰকাৰৰ প্ৰতিনিধিসকলে তেওঁৰ সৈতে বৈঠকত যথেষ্ট, খং আৰু ভাবুকি দিছিল। লগতে কৈছিল ভাৰতীয় গ্ৰাহকক যাতে এই বিষয়ত কোনো সতৰ্কবাৰ্তা প্ৰদান কৰিব নোৱাৰিব।

অৱশ্যে তেওঁ চৰকাৰৰ প্ৰতিনিধিসকলক বুজাই দিয়ে যে, এয়া এপলৰ নীতি। গ্ৰাহকৰ চাইবাৰ সুৰক্ষা অধিকাৰ আৰু আইনী অধিকাৰ বিষয়ে অৱগত কৰাটো তেওঁলোকৰ দায়িত্ব। উল্লেখ্য যে, এপলৰ আইফোন বিশ্বৰ ১৫০ খন দেশত ব্যৱহাৰ কৰা হয় কিন্তু কনো দেশৰ চৰকাৰে এইধৰণৰ আপত্তি কৰা নাই বা হেঁচা প্ৰয়োগ কৰা নাই। কিন্তু ভাৰত চৰকাৰৰ প্ৰতিনিধিয়ে গ্ৰাহকক তেওঁলোকৰ অধিকাৰ প্ৰদান কৰাত ভয়, ভাবুকিৰে হেঁচা প্ৰয়োগ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in