জাতিংগা নদীত বন বিভাগৰ অভিযানঃ জব্দ কৰে অবৈধ শিল ভৰ্তি ট্ৰাক

জাতিংগা নদীত বন বিভাগৰ অভিযানঃ জব্দ কৰে অবৈধ শিল ভৰ্তি ট্ৰাক

author-image
Asomiya Pratidin
New Update
জাতিংগা নদীত বন বিভাগৰ অভিযানঃ জব্দ কৰে অবৈধ শিল ভৰ্তি ট্ৰাক

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰৰ জাতিংগা নদীত বন বিভাগৰ অভিযান। চিচিএফ ৰাজীব দাসৰ নেতৃত্বত বন বিভাগৰ এটা বৃহৎ দলে অভিযান চলায়। উদাৰবন্দৰ ৰেঞ্জৰ অধীনত থকা জাতিংগা মহলত অভিযান। অভিযানত কেইবাখনো বল্ডাৰ ভৰ্তি ট্ৰাক, কেইবাখনো ফকলেণ্ড জব্দ কৰে।‌। নিয়ম বহিৰ্ভুতভাৱে ফকলেণ্ড ব্যৱহাৰ কৰি বল্ডাৰ আৰু শিল উত্তোলন কৰিছিল একাংশ বন মাফিয়াই। বন বিভাগৰ দলটোক দেখি মহলত গাড়ী এৰি পলায়ন কৰে চালকসকলে।

Advertisment

একাংশ বন মাফিয়াৰ বিৰুদ্ধে অবৈধভাৱে শিল‌ আৰু বল্ডাৰ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। জব্দ কৰা বাহন সমুহ মাৰুৱাচৰা বিট অফিচত জব্দ কৰি ৰখা হৈছে । নদীৰ ওচৰত থকা এটা ক্ৰেছাৰতো অভিযান চলায় বন বিভাগৰ দলটোৱে। অভিযানৰ সময়ত ক্ৰেছাৰটোৰ যথেষ্ট বিসংগতি ধৰা পৰে। অভিযান কাৰী দলটোক ক্ৰেছাৰ কতৃপক্ষই প্ৰয়োজনীয় নথিপত্ৰ দেখুৱাব পৰা নাই বুলিও জানিব পৰা গৈছে।

Also Read: দিল্লীৰ মোডীৰ মেজিক এইবাৰ নচলা পইচালৈ ৰূপান্তৰ হৈছেঃ জীপাল কৃষক শ্ৰমিক সংঘ

jatinga Silchar FOREST DEPARTMENT