দিল্লীৰ মোডীৰ মেজিক এইবাৰ নচলা পইচালৈ ৰূপান্তৰ হৈছেঃ জীপাল কৃষক শ্ৰমিক সংঘ

দিল্লীৰ মোডীৰ মেজিক এইবাৰ নচলা পইচালৈ ৰূপান্তৰ হৈছেঃ জীপাল কৃষক শ্ৰমিক সংঘ

ডিজিটেল সংবাদ, বৰপেটাঃ জীপাল কৃষক শ্ৰমিক সংঘৰ তৰফৰ পৰা সোমবাৰে এক সংবাদ মেলৰ যোগেদি সংগঠনৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহ , যুটীয়া সম্পাদক জেহিৰুদ্দিন আহমেদ, সাংগঠনিক সম্পাদক অভি কুটুমে অসমৰ জনগণ তথা বৰপেটা লোকসভা সমষ্টি আৰু গুৱাহাটী লোকসভা সমষ্টিবাসীক সম্বোধন কৰে ৷ বিশেষকৈ অসমত সম্প্ৰতি লোকসভা নিৰ্বাচনৰ যি বতাহ বলি আছে অত্যন্ত আশাব্যঞ্জক হৈ উঠিছে বুলি সংবাদ মেলত ব্যক্ত কৰে সোনেশ্বৰ নৰহে ৷

দিল্লীৰ মোডীৰ মেজিক এইবাৰ নচলা পইচালৈ ৰূপান্তৰ হৈছে বুলি মন্তব্য কৰে সোনেশ্বৰ নৰহে ৷ বিজেপিৰ হাতোৰাৰ পৰা ভাৰতবৰ্ষক বচাব পৰা একমাত্ৰ সময় এই লোকসভা নিৰ্বাচন৷ ইয়াত দেখা গৈছে যে বৰপেটা লোকসভা সমষ্টিত মনোৰঞ্জন তালুকদাৰৰ দৰে এজন বৰেণ্য ব্যক্তিক আমি প্ৰাৰ্থী হিচাপে অসমবাসীয়ে লাভ কৰিছে বুলি সংবাদমেলত মন্তব্য কৰে।

আজি গুৱাহাটী লোকসভা সমষ্টিবাসীয়ে অত্যন্ত শক্তিশালী, বাকপটু নেতৃ মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ দৰে এগৰাকী নেত্ৰীক আমি লাভ কৰিছো ৷ গুৱাহাটীৰ অন্তৰ্ভাগত ব্যাপক হাৰত মীৰা বৰঠাকুৰৰ সপক্ষে জোৱাৰ আছে। আমি তেখেতক মুকলিকৈ নৈতিক সমৰ্থন আগবঢ়াইছোঁ। তেনেকৈ আমি অসমৰ বিৰুধী ঐক্যৰ যিমানখিনি বলিষ্ঠ কণ্ঠ আছে অসমবাসীয়ে এই সুবৰ্ণ সুযোগ গ্ৰহণ কৰি জিকাই নিয়া উচিত বুলি সংবাদমেলত নিজৰ মত ব্যক্ত কৰে কৃষক শ্ৰমিক সংঘৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহে। লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈ ডাঙৰীয়াই মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াক নৈতিক সমৰ্থন আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে সোনেশ্বৰ নৰহে।

সদৌ শেষত অসমবাসীক চেল্যুট জনাই কয় যে আপোনালোকে এই নিৰ্বাচনত কেইবাগৰাকী সচাকৈ সু সন্তান আৰু বলিষ্ঠ নেতা, যুক্তিবাদী নেতা য’ত ধৰ্ম জাত-পাতৰ পুতিগন্ধময় ৰাজনীতিৰ বিপৰীতে এটা সুস্থ ৰাজনীতিৰ,সমতাৰ ভিত্তিত ৰাজনীতি, সুস্থ শিক্ষা সংস্কৃতি, স্বাস্থ্যৰ সপক্ষে ৰাজনীতি কৰা ব্যক্তি লাভ কৰিছোঁ। ন্যায্যতাৰ কাৰণে সদায় টেবুল ঢকিয়াই কথা ক’ব পৰাকৈ ,দিল্লীৰ পৰা আজুৰি আনিব পৰাকৈ যিসকল বলিষ্ঠ নেতাক পঠিয়াব লাগে তাৰ ভিতৰত অন্যতম মনোৰঞ্জন তালুকদাৰ, মীৰা বৰঠাকুৰ গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ৷আৰু এইসকল নেতাৰ সপক্ষে আমি সকলোৱে ঐক্যবদ্ধ হৈ এই লোকসভা সমষ্টিত আগবাঢ়িব লাগে বুলি সোনেশ্বৰ নৰহে মন্তব্য কৰে৷

দিল্লীৰ মোডীৰ মেজিক এইবাৰ নচলা পইচালৈ ৰূপান্তৰ হৈছেঃ জীপাল কৃষক শ্ৰমিক সংঘ
টেঙাখাতত কপহুৱাবাসী ৰাইজৰ উদ্যোগত ৰঙালী বিহু সন্মিলন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in