যুদ্ধৰ মাজতে গাজাৰ পৰা মানৱীয় বাৰ্তা দিলে ইজৰাইলী সেনাই....

যুদ্ধৰ মাজতে গাজাৰ পৰা মানৱীয় বাৰ্তা দিলে ইজৰাইলী সেনাই....
যুদ্ধৰ মাজতে গাজাৰ পৰা মানৱীয় বাৰ্তা দিলে ইজৰাইলী সেনাই....

ডিজিটেল ডেস্কঃ গাজাত প্ৰতি আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলে। ইয়াৰ বাবে প্ৰচুৰ আন্তৰ্জাতিক চাপৰো সন্মুখীন হৈছে ইজৰাইল। তাৰ মাজতে মানৱীয় বাৰ্তা দিলে ইজৰাইলে।

ইজৰাইলী সেনাৰ ফালৰ পৰা জনোৱা হৈছে বোমাৰ আক্ৰমণত বিধ্বস্ত গাজাৰ আল ছিফা হাস্পতালৰ পৰা সদ্যোজাত শিশুক নিৰাপদ দুৰত্বলৈ লৈ স্থানান্তৰৰ বাবে তেওঁলোক প্ৰস্তুত। দেওবাৰৰ পৰাই এই উদ্ধাৰ কাৰ্যৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলিও জনাইছে ইজৰাইলী সেনাৰ এজন মুখপাত্ৰই।

শুকুৰবাৰে ইজৰাইলৰ বোমা আক্ৰমণত বিধ্বস্ত হৈছিল গাজাৰ আল ছিফা হাস্পতাল। এই আক্ৰমণৰ পাছত বিকল হৈ পৰিছে জেনেৰেটৰৰ সহায়ত অব্যাহত থকা বিদ্যুৎ সৰবৰাহৰ ব্যৱস্থা। এই অৱস্থাত হাস্পতালখনত চিকিৎসাধীন ৪৫ টা শিশু কাৰ্যতঃ মৃত্যু মুখত পৰিছে বুলি পেলেষ্টাইনী কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত স্বাস্থ্য বিভাগৰ পৰা জনোৱা হৈছে।

অৱশ্যে ইজৰাইলী সেনাই এই শিশুসকলক কলৈ লৈ যাব সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই। কাৰণ গাজাত কেৱল এই হাস্পতালখনতেই সদ্যোজাত শিশুসকলৰ চিকিৎসাৰ ব্যৱস্থা আছে।

পশ্চিম এছিয়াৰ বহু সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ইতিমধ্যে ইনকিউবেৰ বিদ্যুতৰ অভাৱত দুটাকৈ শিশুৰ মৃত্যু হৈছে। সময়মতে অস্ত্ৰোপচাৰ আৰু কেমোথেৰাপি সম্ভৱ নোহোৱাৰ বাবে আৰু কেইবাটাও শিশু তিল তিলকৈ মৃত্যুৰ দিশে আগবাঢ়িছে।

যোৱা ৭ অক্টোবৰত হামাছে ইজৰাইল আক্ৰমণ কৰাৰ পাছতে ইজৰাইলে হামাছৰ বিৰুদ্ধে প্ৰতিআক্ৰমণ অব্যাহত ৰাখিছে। তাৰ মাজতে গাজাৰ বিদ্যুৎ সৰবাৰহ বিচ্ছিন্ন কৰা হৈছে। এনে পৰিস্থিতিত জেনেৰেটৰৰ সহায়ত প্ৰয়োজনীয় চিকিৎসা সেৱা প্ৰদান কৰি অহা হৈছিল। কিন্তু ডিজেলৰ মজুত শেষ হোৱাত প্ৰয়োজনীয় চিকিৎসা সেৱা অব্যাহত ৰখাটোও অসম্ভৱ হৈ পৰিছে।

যুদ্ধৰ মাজতে গাজাৰ পৰা মানৱীয় বাৰ্তা দিলে ইজৰাইলী সেনাই....
তিনি শতাধিক ৰোগাক্ৰান্তক চেক বিতৰণ ভূৱন পেগুৰঃ কংগ্ৰেছ, AIUDF ক সমালোচনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in