শিলচৰৰ এটা অট্টালিকাৰ ৪ মহলাত থকা কম্পিউটাৰ চেণ্টাৰত অগ্নিকাণ্ড...

এগৰাকী ছাত্ৰী আহত

author-image
Asomiya Pratidin
New Update
শিলচৰৰ এটা অট্টালিকাৰ ৪ মহলাত থকা কম্পিউটাৰ চেণ্টাৰত অগ্নিকাণ্ড...

শিলচৰৰ এটা অট্টালিকাৰ ৪ মহলাত থকা কম্পিউটাৰ চেণ্টাৰত অগ্নিকাণ্ড...

ডিজিটেল সংবাদ শিলচৰ: শিলচৰত আজি এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে । শিলচৰৰ শিলংপট্টি ৰোডৰ ছোটালাল চেঠ স্কুলৰ বিপৰীত দিশৰ বসুন্ধৰা বিল্ডিঙৰ চাৰি মহলাত সংঘটিত হয় এই অগ্নি কাণ্ডৰ।

Advertisment

বিল্ডিংটোৰ ওপৰত থকা কম্পিউটাৰ কোচিং চেণ্টাৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড। সেই সময়ত কম্পিউটাৰ চেন্টাৰটোত ক্লাছ কৰি আছিল কেবাজনো শিক্ষাৰ্থীয়ে।

ঘটনাৰ আকস্মিকতাত আতংকিত ছাত্ৰ-ছাত্ৰীসকলে কোঠাৰ পৰা ওলাই বাহিৰলৈ দৌৰে। ইয়াৰ মাজতে এগৰাকী ছাত্ৰীয়ে তললৈ জাঁপ দিয়াত তেওঁ কিছু আঘাতপ্ৰাপ্ত হয়। আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হয় অগ্নিকাণ্ড। এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে লগে লগে অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষীক খবৰ‌ দিয়ে।

অগ্নিনিৰ্বাপক বাহিনী আৰু অ' এন জি চিৰ প্ৰায় ৭ খন অগ্নি নিৰ্বাপক বাহন উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা চলায় । বহু সময় ধৰি চেষ্টা কৰাৰ পিছত অৱশেষত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।‌

ইফালে,ঘটনাৰ খবৰ পাই আৰক্ষী অধীক্ষক নোমাল মাহত্তা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক সুব্ৰত সেন ঘটনাস্থলীত উপস্থিত হয়। অগ্নিকাণ্ডৰ ফলত শ্বিলংপট্টি পথটো সম্পূৰ্ণ বন্ধ কৰি দিয়া হয়।

Also Read: মঙলদৈত বিদ্যুতৰ তাঁৰত লাগি পশুধনৰ মৃত্যু...

অগ্নিকাণ্ড