মঙলদৈত বিদ্যুতৰ তাঁৰত লাগি পশুধনৰ মৃত্যু...

মঙলদৈত বিদ্যুতৰ তাঁৰত লাগি পশুধনৰ মৃত্যু...

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা থানৰ শলগুৰি সত্ৰত ৬ এপ্ৰিলত পালনামৰ সামৰণী...

agrani khabar

ডিজিটেল সংবাদ মঙলদৈঃ শুকুৰবাৰে মঙলদৈ নিকটৱৰ্তী বইনাওজা গাঁৱৰ পথাৰত মৃত অৱস্থাত উদ্ধাৰ হৈছে দুটাকৈ পশুধন। জানিব পৰা মতে বিদ্যুৎ বিভাগৰ অসাবধনতাৰ বাবেই পশু কেইটা বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি অভিযোগ গাওঁ প্ৰধানৰ।

Advertisment

গৰু কেইটাৰ গৃহস্থই ঘৰলৈ আনিবৰ বাবে পথাৰলৈ যোৱাত এই বিষয়ে অৱগত হয়। তেওঁলোকে পথাৰত পৰি থকা বিদ্যুৎ তাঁৰত লাগি মৃত অৱস্থাত উদ্ধাৰ কৰে গৰু দুটাক।

ইয়াৰ পিছতে বিদ্যুৎ বিভাগক এই সন্দৰ্ভত খবৰ দিয়ে আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষই বিদ্যুতৰ তাঁৰৰ পৰা গৰু দুটা উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত গৃহস্থই মঙলদৈ সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে।

Also Read: স্বাতী মালিৱাল কাণ্ডঃ গ্ৰেপ্তাৰ অৰবিন্দ কেজৰিৱালৰ ঘনিষ্ঠ বিভৱ কুমাৰ...

মঙ্গলদৈ