কাছাৰত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী

কাছাৰত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী

ডিজিটেল সংবাদ, শিলচৰ: কাছাৰত অব্যাহত আছে অসম ৰাইফলছ আৰু আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। এই অভিযানকালত কাছাৰ আৰক্ষীয়ে কোটি কোটি টকাৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰি আহিছে ।

দেওবাৰে পুনৰ ধলাই এলেকাৰ পৰা জব্দ হয় বুজন পৰিমাণৰ হেৰ'ইন। গোপন তথ্যৰ ভিত্তিত অসম ৰাইফলছ, ধলাই আৰু লাইলাপুৰ আৰক্ষীয়ে যৌথ অভিযান চলাই এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।

অসম ৰাইফলছৰ ২৮ নম্বৰ বেটেলিয়নৰ ই কোম্পানী ( জালুৰা কব), ধলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বৰুৱা আৰু লাইলাপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৌছাং শ্যামৰ নেতৃত্বত এই ড্ৰাগছ বিৰোধী অভিযান চলোৱা হয়।

অভিযান চলোৱা হয় লাইলাপুৰ জয়ধনপুৰৰ ড্ৰাগছ ব্যৱসায়ী বাহাৰুল ইছলামৰ (২১) ঘৰত। অভিযান কালত বাহাৰুল ইছলামৰ ঘৰৰ পৰা হেৰ'ইন ভৰ্তি ১০ টা প্লাষ্টিকৰ পেকেট জব্দ কৰা হয়। পেকেট কেইটাৰ পৰা মুঠ ১২৬ গ্ৰাম হেৰʼইন জব্দ কৰা হয়।

জব্দ কৰা হেৰ'ইনৰ মূল্য প্ৰায় ৮৮ লাখ টকা বুলি অসম ৰাইফলছৰ এক সূত্ৰই সদৰি কৰে। হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা সৰবৰাহ কৰি বিক্ৰীৰ বাবে বাহাৰুল ইছলামৰ ঘৰত মজুত কৰি ৰখা হৈছিল।

আনহাতে, বাহাৰুল ইছলামৰ ঘৰত গোপনে মজুত কৰি ৰখা ১৫০ বস্তা বাৰ্মিজ চুপাৰীও জব্দ কৰে আৰক্ষী আৰু অসম ৰাইফলছে। মিজোৰামৰ পৰা আমদানি কৰি বহিঃৰাজ্যলৈ সৰবৰাহৰ বাবে চুপাৰী খিনি মজুত কৰি ৰখা হৈছিল। জব্দ কৰা এই চুপাৰী খিনিৰ মুল্য প্ৰায় ১৮ লাখ টকা বুলি দাবী কৰিছে অসম ৰাইফলছে। ড্ৰাগছ আৰু চুপাৰী মজুত কৰি ৰখাৰ অভিযোগত আৰক্ষীয়ে বাহাৰুল ইছলামক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান ধৃত বাহাৰুলক ধলাই থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

কাছাৰত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ সামগ্ৰী
আজি ট্ৰেক্টৰ লৈ 'দিল্লী চলো' যাত্ৰা কৰিব প্ৰতিবাদকাৰী কৃষকে...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in