gulab chand kataria
gulab chand kataria

বিভিন্ন দাবীৰে অসমৰ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান ধেমাজি জিলা সাংবাদিক সংস্থাৰ

ডিজিটেল সংবাদ, ধেমাজি : অসমৰ মহামহিম ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই মঙ্গলবাৰে ধেমাজিত উপস্থিত হৈ ধেমাজি জিলা প্ৰশাসনৰ সতে এক দীঘলীয়া পৰ্যালোচনা সভাত মিলিত হয় ৷ দুপৰীয়া প্ৰায় ১১:১৫ বজাত ধেমাজি আৱৰ্ত ভৱনত উপস্থিত হোৱা ৰাজ্যপাল কাটাৰিয়াক গাৰ্ড অৱ অনাৰেৰে আদৰণি জনোৱাৰ পাছতে জিলা আয়ুক্ত অংকুৰ ভৰালী,আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাঁৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন মূৰব্বী-বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয় ৷

পৰ্যালোচনাৰ আতঁ ধৰে ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে ৷ ইফালে পৰ্যালোচনাৰ অন্তত আবেলি ৩:৫০ বজাত ধেমাজি আৱৰ্ত ভৱনত ধেমাজি প্ৰেছ ক্লাৱৰ সাংবাদিক সকলৰ সৈতে হোৱা বাৰ্তালাপত ৰাজ্যপাল গৰাকীয়ে কয় যে, বৃদ্ধ আৰু বিধৱা পেঞ্চনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ আৰু কৰিব লগা আছে ৷

প্ৰসংগত তেওঁ ধেমাজিৰ ৰঙা চাউলৰ বিশ্বমুখী যাত্ৰাক ভূয়সী প্ৰশংসা কৰি কৃষকসকল ইয়াৰ দ্বাৰা লাভান্বিত হোৱাৰ কথা উল্লেখ কৰে ৷ মাটিৰ উৰ্বৰা শক্তি থকাৰ পিছতো এটা খেতি কৰাৰ বিপৰীতে ঋতু অনুযায়ী কৃষকসকলে খেতি কৰাৰ পোষকতা কৰে ৷ ৰাজ্যপাল হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ২৯ সংখ্যক বাৰৰ বাবে মঙ্গলবাৰে ধেমাজি জিলা পৰিদৰ্শন কৰাৰ কথা উল্লেখ কৰে ৰাজ্যপাল কাটাৰিয়াই ৷

ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন, স্থানীয় বিধায়ক, অভিভাৱক মন্ত্ৰী আৰু সাংসদৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ পৰ্যালোচনা কৰি অসম চাৰকাৰ আঁচনি ৰূপায়নত সদিচ্ছা থকাৰ কথা প্ৰকাশ কৰে ৷ ৰাইজৰ বাবে এয়া আশাপ্ৰদ বুলি মন্তব্য ৰাজ্যপাল গৰাকীয়ে ৷

এই পৰ্যালোচনা সভাত শিক্ষা মন্ত্ৰী ডা° ৰনোজ পেগু আৰু অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ উপস্থিত থাকে ৷ আনহাতে ৰাজ্যৰ বাট পথৰ উন্নয়ন হোৱাৰ কথা উল্লেখ কৰি ৰাইজৰ মাজলৈ আহিলে সমস্যাবোৰ বুজি পোৱা হয় বুলি উল্লেখ কৰে অসমৰ ৰাজ্যপাল গৰাকীয়ে ৷

ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াৰ হাতত ধেমাজি জিলা সাংবাদিক সংস্থাই তিনিটা দাবী সম্বলিত এক স্মাৰকপত্ৰ প্ৰদান কৰে ৷ সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ আৰু জীৱন কোঁৱৰৰ স্বাক্ষৰিত স্মাৰকপত্ৰত ৰাজ্যৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত মফচলীয় সাংবাদিক সকলৰ ক্ষেত্ৰতো মাজিথিয়া ৱেজ বৰ্ড প্ৰযোজ্য কৰা আৰু সাংবাদিকৰ মাহিলী পেন্সনৰ ধনৰাশি ৩০ হাজাৰ টকালৈ বৃদ্ধি কৰিবলৈ দাবী জনায় ৷ আনহাতে কৰ্মৰত অৱস্থাত নিহত অসম চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত সাংবাদিকৰ পৰিয়াল অথবা নিকট আত্মীয়লৈ অতি কমেও ২০ লাখকৈ আৰ্থিক সাহাৰ্য আগবঢ়াবলৈ দাবী জনায় স্মাৰকপত্ৰত ৷

gulab chand kataria
অহা নিৰ্বাচনত কংগ্ৰেছ চাফা হৈ যাবঃ মন্ত্ৰী পীযুষ হাজৰীকা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in