কাছাৰত পুনৰ নিচাযুক্ত সামগ্ৰী জব্দ

কাছাৰত পুনৰ নিচাযুক্ত সামগ্ৰী জব্দ

author-image
Asomiya Pratidin
New Update
কাছাৰত পুনৰ নিচাযুক্ত সামগ্ৰী জব্দ

ডিজিটেল সংবাদ, শিলচৰঃ কাছাৰ জিলাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰক্ষীৰ। গোপন তথ্যৰ ভিত্তিত মঙ্গলবাৰে পুৱতি নিশা দিগৰখাল টোলগেট প্লাজাত এখন বিলাসী বাহনত তালাচী চলাই জব্দ কৰা হয় ব্ৰাউন চুগাৰ ভৰ্তি পাঁচটা চাবোনৰ বাকচ।

Advertisment

এ এছ০১ ডি আৰ-৯৭৫১ নম্বৰৰ বাহনখনৰ গোপন চেম্বাৰৰ পৰা জব্দ কৰা ব্ৰাউন চুগাৰ খিনিৰ ওজন ৬৭ গ্ৰাম। ড্ৰাগছ সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বৰপেটা জিলাৰ জনিয়া, দৌকমাৰীৰ মকলেছ উদ্দিন নামৰ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে ।

Also Read: IPL জুৱা! স্বামীৰ ঋণ প্ৰায় ১ কোটি, নিৰ্যাতন সহিব নোৱাৰি পত্নীয়ে ল'লে চৰম পন্থা

Silchar kachar