কাছাৰৰ ধলাইত ১২ কেজি হেৰ'ইনসহ দুগৰাকী মহিলা গ্ৰেপ্তাৰ

কাছাৰৰ ধলাইত ১২ কেজি হেৰ'ইনসহ দুগৰাকী মহিলা গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
কাছাৰৰ ধলাইত ১২ কেজি হেৰ'ইনসহ দুগৰাকী মহিলা গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, শিলচৰ: ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে বৃহৎ সফলতা লাভ কৰে। ১২ কেজি সন্দেহজনক হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। আজি জব্দ কৰা এই ড্ৰাগছ বিৰোধী অভিযানত কাছাৰ আৰক্ষীয়ে প্ৰথম বাৰৰ বাবে সৰ্ববৃহৎ সাফল্য লাভ কৰা বুলি দাবী কৰা হৈছে।

Advertisment

আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়া মতে,কাছাৰ জিলাৰ ধলাই থানাধীন লোকনাথপুৰৰ এটা ঘৰত বুজন পৰিমাণৰ হেৰ'ইন মজুত কৰি ৰখাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে। গোপন তথ্যৰ ভিত্তিত এই খবৰ পোৱাৰ পিছতে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাৰ নেতৃত্বত আৰক্ষীৰ দল‌ এটাই হেৰ'ইন মজুত কৰি ৰখা ঘৰটোত অতৰ্কিতে অভিযান চলায়।‌

অভিযান কালত আৰক্ষীয়ে ১২ কেজি হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।‌ জব্দ কৰা হেৰ''ইনৰ মূল্য প্ৰায় ১১০ কৌটি টকা হব বুলি দাবী কৰিছে আৰক্ষীয়ে।

এই বুজন পৰিমাণৰ হেৰ'ইন মজুত কৰি ৰখাৰ অভিযোগত আৰক্ষীয়ে দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। জব্দ কৰা হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা সৰবৰাহ কৰি বিক্ৰীৰ বাবে লোকনাথপুৰৰ এই ঘৰটোত মজুত কৰি ৰখা হৈছিল।

বুজন পৰিমাণৰ এই হেৰ'ইন সমুহ সৰবৰাহৰ আৰত এটা আন্তঃৰাজ্যিক চক্ৰ জৰিত থকা বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। এই চক্ৰটোৰ সন্ধানত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।

ইফালে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফেচবুক একাউণ্টত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰা কৰা বাবে কাছাৰ আৰক্ষীক উচ্চ প্ৰশংসা কৰিছে।

Also Read: Electoral bond: কোনে ৰাজনৈতিক দলক দিছিল ১৩৬৮ কোটি টকা? নিৰ্বাচন আয়োগে ৰাজহুৱা কৰিলে তথ্য

Assam police