ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, আটক ৪ জন

গোপন তথ্যৰ ভিত্তিত শনিবাৰে অসম ৰাইফলছ আৰু বাচকান্দি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰশান্ত কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীয়ে লক্ষীপুৰৰ পয়লাপুলত যুটীয়া অভিযান চলাই দুটা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।

author-image
Asomiya Pratidin
New Update
ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, আটক ৪ জন

ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান অব্যাহত আছে। গোপন তথ্যৰ ভিত্তিত শনিবাৰে অসম ৰাইফলছ আৰু বাচকান্দি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰশান্ত কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীয়ে লক্ষীপুৰৰ পয়লাপুলত যুটীয়া অভিযান চলাই দুটা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ জব্দ কৰে।

Advertisment

ML04B- 6258 নম্বৰৰ এখন এলটো বাহনত তালাচী চলাই জব্দ কৰে হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ দুটা। বাকচ দুটাৰ পৰা মুঠ ২৩ গ্ৰাম হেৰʼইন জব্দ কৰে।‌

জব্দ কৰা হেৰ'ইনখিনিৰ মূল্য প্ৰায় ৯.৭ লাখ টকা। হেৰ'ইন খিনি হৰিনগৰৰ পৰা কালাইনলৈ সৰবৰাহৰ সময়ত জব্দ কৰা হয়।‌ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক কেইজন- কাটিগৰা নাতানপুৰৰ আব্দুল মান্নান,খেলমা সপ্তম খণ্ডৰ আব্দুল মুনিন, কালাইন বলোগ্ৰামৰ তাজিম উদ্দিন, আৰু কালাইন ভাতগ্ৰামৰ ইমৰান হুছেইন তাপাদাৰ।‌ ধৃত আটাইকে লক্ষীপুৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Also Read: কাহিলিপাৰা প্ৰাথমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত নিৰ্যাতনৰ অভিযোগ

Assam police