কাহিলিপাৰা প্ৰাথমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত নিৰ্যাতনৰ অভিযোগ

কাহিলিপাৰা প্ৰাথমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত মহিলাক নিৰ্যাতনৰ অভিযোগ। উপ সঞ্চালকৰ দ্বাৰা নিৰ্যাতনৰ বলি এগৰাকী নৱ নিযুক্ত সহকৰ্মী।

author-image
Asomiya Pratidin
New Update
টাঙোনেৰে প্ৰহাৰ কৰি এজনক নৃশংসভাৱে হত্যা...

ডিজিটেল ডেস্কঃ কাহিলিপাৰা প্ৰাথমিক শিক্ষা সঞ্চালকৰ কাৰ্যালয়ত মহিলাক নিৰ্যাতনৰ অভিযোগ। উপ সঞ্চালকৰ দ্বাৰা নিৰ্যাতনৰ বলি এগৰাকী নৱ নিযুক্ত সহকৰ্মী।

Advertisment

অভিযোগ অনুসৰি উপ সঞ্চালক আমিৰ হুছেইনে সহকৰ্মী গৰাকীক নিজৰ কোঠাত যৌন নিৰ্যাতনৰ চেষ্টা চলায়। ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে ভগদত্তপূৰ আৰক্ষী চকীত দাখিল কৰে এজাহাৰ।

ইতিমধ্যে এজাহাৰৰ ভিত্তিত আৰক্ষী উপস্থিত হৈ শনিবাৰে সঞ্চালকৰ কাৰ্যালয়ৰ পৰা আটক কৰে আমিৰ হুছেইনক। সম্প্ৰতি দিছপুৰ আৰক্ষীৰ জিম্মাত উপ সঞ্চালক আমিৰ হুছেইন।

উল্লেখযোগ্য যে পূৰ্বেও আমিৰৰ বিৰুদ্ধে মহিলা,যুৱতীক নিৰ্যাতন চলোৱাৰ অভিযোগ আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

Also Read: মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, দুৰ্বৃত্তৰ গুলীত আহত নিৰাপত্তাৰক্ষী

Assam police