কাছাৰৰ সোণাবাৰীঘাটত নিষিদ্ধ সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ

কাছাৰৰ সোণাবাৰীঘাটত নিষিদ্ধ সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ

author-image
Asomiya Pratidin
New Update
 কাছাৰৰ সোণাবাৰীঘাটত নিষিদ্ধ সামগ্ৰীসহ এজনক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান। গোপন তথ্যৰ ভিত্তিত সোমবাৰে নিশা সোণাবাৰীঘাটৰ পৰা জব্দ চাৰিটা হেৰ'ইন ভৰ্তি চাবোনৰ বাকচ। বাকচ কেইটাৰ পৰা মুঠ ৪৭ গ্ৰাম সন্দেহ জনক হেৰ'ইন জব্দ।

Advertisment

AS-11W-1700 নম্বৰৰ এখন ৰয়েল এনফিল্ড বাইকৰ পৰা জব্দ কৰা হয় হেৰ'ইনখিনি। হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে বাইকৰ গৰাকী চাহিদ হুছেইন বৰভুঞাক গ্ৰেপ্তাৰ কৰে। চাহিদৰ ঘৰ সোণাই থানাৰ অন্তৰ্গত ধনেহৰি দ্বিতীয় খণ্ডত। ইফালে, জব্দ কৰা হেৰ''ইনৰ মূল্য ২৫ লাখ টকা বুলি সদৰি কৰিছে আৰক্ষীয়ে।

Also Read: মালিগাঁৱত ৰেলৰ চেপাত নিহত যুৱক