শিলচৰ-কালাইন পথত যাত্ৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লুটপাত ডকাইতৰ দলৰ

শিলচৰ-কালাইন পথত যাত্ৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লুটপাত ডকাইতৰ দলৰ

ডিজিটেল সংবাদ, শিলচৰঃ শুকুৰবাৰে পুৱতি নিশা কাছাৰত সংঘটিত হয় এক ডকাইতিৰ ঘটনা। শিলচৰ-কালাইন সংযোগী পথৰ জ্বলাগ্ৰাম তিনঘৰিত ৬ জনীয়া ডকাইতৰ দলে পথত ৰচি বান্ধি এখন যাত্ৰীবাহী বাহন আবদ্ধ কৰি সংঘটিত কৰে ডকাইতিৰ ঘটনা।‌

শুকুৰবাৰে নিশা ৩ বজাত সংঘটিত হয়‌ এই ডকাইতিৰ ঘটনা। শ্বিলঙৰ পৰা শিলচৰ অভিমুখী এখন বাহনত যাত্ৰা কৰা দুজন চিইউটিই পৰীক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যক চোকা অস্ত্ৰ দেখুৱাই লুটপাত কৰে ডকাইতৰ দলে। যাত্ৰীসকলক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি তেওঁলোকৰ লগত থকা মোবাইল, টকা-পইচা আৰু মহিলাসকলৰ পৰা সোণ আদি কাঢ়ি লৈ যায় ডকাইতৰ দলটোৱে। আনকি ডকাইতৰ দলটোৱে তেওঁলোকক মাৰধৰো কৰে।

ইফালে, ডকাইতৰ হাতত সৰ্বশ্ৰান্ত হোৱা শিলচৰ মেহেৰপুৰ কো-অপাৰেটিভ এলেকাৰ যাত্ৰী কেইজনে ওচৰতে থকা ভাংগাৰপাৰ আৰক্ষী চকীত‌ গৈ নিশাই খবৰ দিয়ে। খবৰ পোৱাৰ লগে লগে আৰক্ষীয়ে তেওঁলোকক লগত লৈ ঘটনাস্থলীত উপস্থিত হয়।

ডকাইতি সংঘটিত হোৱা স্থানৰ পৰা কিছু দূৰত ৰৈ থকা এখন অল্ট’ গাড়ী আটক কৰে‌ আৰক্ষীয়ে। গাড়ীখনত থকা তিনিজন লোকক যাত্ৰী কেইজনে চিনাক্ত কৰাত আৰক্ষীয়ে তিনিওজন ডকাইতক আটক কৰি থানালৈ লৈ‌‌ যায়।

এই সংক্ৰান্তত বিহাৰা থানাত এখন এজাহাৰ দাখিল কৰিছে ভুক্তভোগী যাত্ৰীসকলৰ হৈ চাকিৰুল ইছলাম লস্কৰে। বৰ্তমান ধৃত ডকাইত তিনিজনক বিহাৰা আৰক্ষী চকীত‌ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। ধৃত ডকাইত তিনিজন বাবুল হুচেইন, আমিৰুল হক আৰু কেয়াম উদ্দিন বুলি জানিব পৰা গৈছে।‌

শিলচৰ-কালাইন পথত যাত্ৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি লুটপাত ডকাইতৰ দলৰ
লংকাত গৰু চোৰৰ সন্ত্ৰাসঃ গাঁওৰক্ষী বাহিনীয়ে আটক কৰিলে ৪টা চোৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in