/asomiyapratidin/media/post_attachments/asomiyapratidin/import/2018/08/breaking-Plate.jpg)
ডিজিটেল সংবাদ, লংকাঃ শুকুৰবাৰে পুৱতি নিশা লংকাৰ নখুটীৰ লালমাটিত গৰু চুৰে চলাই সন্ত্ৰাস। এএছ০২বি৭৩৫৯ নম্বৰৰ এখন টাটা মেজিক গাড়ীয়ে চাৰিটা গৰু লৈ য়োৱাৰ সময়ত পথত পহৰা দি থকা লালমাটিৰ গাঁওৰক্ষী বাহিনীয়ে গাড়ীখন ৰখাবলৈ চেষ্টা কৰে। কিন্তু গাড়ীখন ৰখাবলৈ সক্ষম নহল গাওঁৰক্ষী বাহিনী।
লালমাটিৰ গাঁওৰক্ষী বাহিনীয়ে নখুটী বজাৰ সমিতি গাওঁৰক্ষী বাহিনীক ঘটনাৰ সন্দৰ্ভত খবৰ দিয়ে। নখুটী গাওঁৰক্ষী বাহিনীয়ে পথত এখন জেচিবি গাড়ীৰে পথ আৱদ্ধ কৰি গাড়ীখন জব্দ কৰিবলৈ সক্ষম হয়। ইয়াৰ পাছতে সোধপোছ কৰাত চুৰি গৰু বুলি গম পায় ৪টা চোৰক আটক কৰি নখুটীৰ আৰক্ষীক গতাই দিয়ে।
মেজিক লৈ গৰু চুৰি কৰিবলৈ অহা ৪টা গভাইড চোৰ হৈছে লংকা দাবলঙৰ নছিদ আলি আৰু সুকুৰ আলি। তৈয়বুৰ ৰহমানৰ ঘৰ শনিবজাৰত বুলি জানিব পৰা গৈছে আৰু ৰুহিত ৰম্পি কাৰ্বি আংলং জিলাৰ বকলীয়াৰ কুলুদুঙৰ বুলি জানিব পৰা গৈছে।