/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/f1ecf7f8-6fd7-4e52-9c56-10a473c75d88/273.jpg)
ডিজিটেল ডেস্ক : শিলচৰৰ একাংশ নাৰ্চিংহোমৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। ইয়াৰে চিটি মেটাৰনিটি নাৰ্ছিংহোমৰ বিৰুদ্ধে নৱজাতক বিক্ৰীৰ অভিযোগ উঠিছে।
জানিব পৰামতে নাৰ্ছিংহোমত এগৰাকী নাবালিকাই এটি সন্তান জন্ম দিয়ে। কিন্তু নৱজাত সন্তানটি দম্পতীৰ ওচৰত বিক্ৰী কৰা বুলি অভিযোগ উঠিছে। ডিজাইৰ ফৰ লাইফ নামৰ সংগঠনটোৰ অভিযোগ অনুসৰি এগৰাকী নাবালিকাই জন্ম দিয়া সন্তান দম্পতীৰ হাতত গটাই দিয়া বুলি চিটি মেটাৰনিটি নাৰ্ছিংহোম কৰ্তৃপক্ষৰ বিৰুদ্ধে গৰজি উঠিছে সংগঠনটো।
অৱশ্যে পিছত নৱজাত শিশুটিক লৈ আনি শিলচৰৰ এটি গৃহত ৰখা হৈছি বুলি জানিব পৰা গৈছে। এই ঘটনা পোহৰলৈ অহাৰ পিছতে সংগঠনটোৱে চিটি মেটাৰনিটি নাৰ্ছিংহোম বন্ধ কৰি দিয়াৰ বাবে দাবী উত্থাপন কৰে।
Also Read: দৰং জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন