দৰং জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন

দৰং জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন

ডিজিটেল সংবাদ,মঙলদৈ : সমগ্ৰ বিশ্বৰ লগতে দৰং জিলা মানসিক স্বাস্থ্য কাৰ্যসূচী আৰু জিলা স্বাস্থ্য সমিতিৰ তত্বাৱধানত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হয়। মঙলবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ,মানসিক ৰোগ বিভাগৰ তৰফৰ পৰা দিনজোৰা কাৰ্যসূচীৰে মঙলদৈ ইয়ুথ ক্লাৱত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰা হয় ।

কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা ১০-৩০ বজাত মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চৌহদৰ পৰা এক পদযাত্ৰা আৰম্ভ কৰা হয় । ভাৰপ্ৰাপ্ত দৰং জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ গোস্বামী আৰু জ্যেষ্ঠ চিকিৎসা আৰু স্বাস্থ্য বিষয়া তথা জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ তত্ত্বাৱধানক ডা০ ৰমেশ চন্দ্ৰ ভট্টাচাৰ্যই এই পদযাত্ৰা মুকলি কৰে।

পদযাত্ৰাত অংশগ্ৰহণ কৰে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, জিলা স্বাস্থ্য সমিতিৰ বিষয়- ববীয়া, মঙলদৈ অসামৰিক চিকিৎসালয় ৰ চিকিৎসক, নাৰ্চ, কৰ্মচাৰী, জি.এন.এম স্কুলৰ ছাত্ৰী তথা প্ৰায় ত্ৰিশতাধিক লোকে । এই পদযাত্ৰাটি মঙলদৈ চহৰৰ মাজেৰে পাৰ হৈ ইয়ুথ ক্লাৱত সমাপ্তি কৰা হয়।

পদযাত্ৰাৰ পিছতে বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ মূল বিষয় " মানসিক স্বাস্থ্য হৈছে সাৰ্বজনীন মানৱ অধিকাৰ" শীৰ্ষক বিষয় সম্পৰ্কে এখনি মুকলি সজাগতা সভা অনুষ্ঠিত কৰা হয়। এই সভাত ভাৰপ্ৰাপ্ত দৰং জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ ৰমেশ চন্দ্ৰ গোস্বামীয়ে সভাপতিত্ব কৰে।

মানসিক বিভাগ,মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মনোবিজ্ঞানী পুষ্প কলিতাই  আঁত ধৰা মুকলি সজাগতা সভাত মঙলদৈ অসামৰিক চিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ উৎপল বৰুৱা জেষ্ঠ আৰু চিকিৎসা বিষয়া,ডাঃ নিপেন কুমাৰ,ডাঃ লিপিকা বড়া বৰুৱা,ডাঃ প্ৰীতি ৰেখা শইকীয়া,পৰামৰ্শদাতা দিপক শইকীয়া, জি এন এম প্ৰশিক্ষণ কেন্দ্ৰৰ অধীক্ষক অনীতা ডেকা উপস্থিত থাকে।

ইয়াৰোপৰি সমাজ উন্নয়ন চচাইটি আৰু পৰিয়াল পৰামৰ্শ কেন্দ্ৰ,কলাইগাঁও,ডি আৰ পি এইচ ডি এ ধৰি কেইবাটাও স্বেচ্ছাসেৱী অনুষ্ঠানৰ লগতে জিএনএম ছাত্ৰী,মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক,নাৰ্চ,কৰ্মচাৰী,জিলা স্বাস্থ্য সঞ্চালকালয়ৰ বিষয়া কৰ্মচাৰী, জিলা স্বাস্থ্য সমিতিৰ বিষয়া তথা কৰ্মচাৰী,মনোৰোগ বিভাগৰ মানসিক সমাজ সেৱক প্ৰাঞ্জল ঠাকুৰীয়া, জয়ন্ত শৰ্মা আৰু কৰ্মচাৰীবৃন্দ উপস্থিত থাকে ।

দৰং জিলা মানসিক স্বাস্থ্য কাৰ্যসূচীৰ অধীনত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন
কৃষি বিভাগৰ উদ্যোগত মাকৈৰ বহনক্ষম জীৱিকা সম্পৰ্কীয় প্ৰশিক্ষণৰ আয়োজন

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in