/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/032b8687-00e4-4ca2-be5e-1c22434b98f3/CACHAR_3.jpg)
কাছাৰৰ লক্ষীপুৰত স্কুলীয়া ছাত্ৰৰ মাৰপিটক কেন্দ্ৰ কৰি দুই ফৈদৰ সংঘৰ্ষ
ডিজিটেল সংবাদ শিলচৰ: কাছাৰৰ লক্ষীপুৰত একাংশ স্কুলীয়া ছাত্ৰৰ মাৰপিটক কেন্দ্ৰ কৰি শুকুৰবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সাধাৰণ এটা কথাক লৈ শিৱপুৰ হাইস্কুলৰ একাংশ ছাত্ৰৰ মাজত মাৰপিটৰ সূত্ৰপাত হয়।
এই ঘটনাক কেন্দ্ৰ কৰি পিছত ভিন্ন ধৰ্মী দুটা ফৈদৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয় আৰু এই ঘটনাত দুয়োপক্ষৰ কেইবাজনো আহত হয়। মাৰপিটৰ খবৰ বিয়পি পৰাৰ লগে লগে দোষী ব্যক্তিসকলক গ্ৰেপ্তাৰৰ দাবীত তাৰাপুৰ চাহ বাগিচাৰ শ শ লোকে হাতত লাঠি লৈ ৩৭ নম্বৰ শিলচৰ-ইম্ফল ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰি পৰিস্থিতি উত্তাল কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e08078ee-3352-4f58-a4c3-d794879ffb3f/c8e4fa7b_de22_4a65_b664_127a24dcc690.jpg)
পথ অৱৰোধৰ ফলত দুয়োফালে শ শ যানবাহন আবদ্ধ হ'ব লগা হয়। ইফালে, বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককক বাতৰি সংগ্ৰহত বাধা দিয়াৰ লগতে তেওঁলোকক আক্ৰমণো কৰে অৱৰোধকাৰীসকলে।
ইফালে, ঘটনাৰ খবৰ পাই আৰক্ষী আৰু দণ্ডাধীশ অৱৰোধস্থলীত উপস্হিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু দোষী ব্যক্তিক গ্ৰেপ্তাৰৰ আশ্বাস দিয়াত সন্ধিয়া ৫ বজাত অৱৰোধ প্ৰত্যাহাৰ কৰে প্ৰতিবাদ কাৰীসকলে। ইফালে,এই মাৰপিটৰ ঘটনাত জৰিত থকা এজনক আটক কৰিছে আৰক্ষীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/d4af44bc-1720-4a65-804d-4b652a6e362b/7a472883_98fc_4a0c_a43e_969aa2bf0801.jpg)
Also Read: জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী ছুম’ ৰংহাঙৰ মৃত্যুত শোক প্ৰকাশ ভূপেন বৰাৰ