/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/e43a45c5-a2f4-4cff-ba1a-0c8e13b1ec1a/images.jpg)
জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী ছুম’ ৰংহাঙৰ মৃত্যুত শোক প্ৰকাশ ভূপেন বৰাৰ
ডিজিটেল ডেস্কঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী ছুম’ ৰংহাঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই।
এ পি চি চিৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই প্ৰেৰণ কৰা এক শোক বাৰ্তাত বৰাই কয় যে, কাৰ্বিং আংলং জিলা কংগ্ৰেছৰ সভাপতি তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য ৰংহাং ডাঙৰীয়াৰ বিয়োগ কেৱল কংগ্ৰেছ দলৰেই নহয়, সমগ্ৰ ৰাজ্যখনৰে ৰাজনৈতিক ক্ষেত্ৰখনৰ বাবে এক অপূৰণীয় ক্ষতি।
মন্ত্ৰী হৈ থকা কালত তেখেতে ৰাজ্যখনৰ উন্নয়নৰ লগতে স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হৈ থকা সময়ছোৱাত পাহাৰীয়া জিলাখনৰ উন্নয়নৰ বাবে নিঃস্বাৰ্থভাৱে কৰি যোৱা কামৰ বাবে জনসাধাৰণে সদায়েই মনত ৰাখিব বুলিও বৰাই মন্তব্য কৰে।
Also Read: ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ ৩১ সংখ্যক দ্বি-বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি...