চাকৰি নিয়মীয়াকৰণৰ দাবীত শিলচৰত প্ৰতিবাদ

author-image
Asomiya Pratidin
New Update
চাকৰি নিয়মীয়াকৰণৰ দাবীত শিলচৰত প্ৰতিবাদ

ডিজিটেল সংবাদ, শিলচৰঃ আজিৰে পৰা আৰম্ভ হৈছে ৰাজ্য বিধানসভাৰ অধিবেশন। বিধানসভাৰ অধিবেশনৰ দিনাই সমগ্ৰ ৰাজ্যৰ অস্থায়ী স্বাস্থ্য কৰ্মী সকলে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত আৰম্ভ কৰিছে তিনি দিনীয়া কৰ্মবিৰতি।‌

Advertisment

ৰাজ্যৰ চৰকাৰী চিকিৎসালয় সমূহত কৰ্মৰত অস্থায়ী কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰণৰ দাবীত আজিৰে পৰা ৰাজ্য জুৰি তিনি দিনীয়া কৰ্মবিৰতি পালন কৰিছে অস্থায়ী স্বাস্থ্য কৰ্মী সকলে। সমগ্ৰ ৰাজ্যৰ লগতে আজি শিলচৰতো এই তিনি দিনীয়া কৰ্মবিৰতি পালন কৰিছে কৰ্মচাৰী সকলে।

শিলচৰৰ সতীন্দ্ৰ মোহন দেৱ চিভিল হাস্পাতালত মিলিত হৈ কাছাৰ জিলাৰ স্বাস্থ্য কৰ্মী সকলে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰণৰ দাবীত সৰৱ হৈ পৰে। কোলাত কেচুৱা লৈ একাংশ মহিলা কৰ্মচাৰীয়ে তেওঁ লোকৰ দাবী মানি লবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

কৰ্মচাৰী সকলৰ অভিযোগ, বিগত ১০/ ১৫ ধৰি তেওঁ লোকে সামান্য পাৰিশ্ৰমিকৰে দিনে নিশাই স্বাস্থ্য পৰিসেৱা আগবঢ়াই আহিছে। কৰ্মচাৰী সকলৰ একাংশই মাত্ৰ ৫০০ টকাৰ পৰা ২০০০ আৰু ২৭০০ টকা পাৰিশ্ৰমিক লাভ কৰি আহিছে। চালক, ৱৰ্ডবয়, ৱৰ্ড গাৰ্ল, চকিদাৰ সহ বিভিন্ন পদত কৰ্মচাৰী সকলে চাকৰি কৰি আহিছে যদিও আজিলৈ চৰকাৰে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰণ কৰা নাই।

চাকৰি নিয়মীয়াকৰণৰ বাবে ইতিমধ্যে চৰকাৰে কৰ্মচাৰী সকলৰ চাকৰিৰ‌ তালিকা সংগ্ৰহ কৰি দিছপুৰত ফাইলবন্দী কৰি ৰখা বুলি অভিযোগ কৰ্মচাৰী সকলৰ। যি সামান্য পাৰিশ্ৰমিক লাভ কৰে সেই পাৰিশ্ৰমিকেৰে পৰিয়ালৰ ভৰণ পোষণ দিয়া মুঠেও সম্ভৱ নহয় বুলি মন্তব্য কৰে কৰ্মচাৰী সকলে। সেয়ে চৰকাৰৰ ওচৰত দাবী জনায় শেষত তিনি দিনীয়া কৰ্মবিৰতি পালন কৰিবলৈ বাধ্য হৈছে কৰ্মচাৰী সকল। ইয়াৰ পিছতো যদি চৰকাৰে চাকৰি নিয়মীয়া কৰণ নকৰে, তেন্তে ভবিষ্যতে আৰু তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব বুলি হুংকাৰ কৰ্মচাৰী সকলৰ।

Also Read: ধনদাবী কৰি চিবিআই কনিষ্টবল অনন্ত ভৰালী ৰঙাঘৰত