
ডিজিটেল সংবাদ,কামপুৰ: সোমবাৰে পুৱা চিবিআই কনিষ্টবল অনন্ত ভৰালী গ্ৰেপ্তাৰ হোৱা কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে। কামপুৰ বৰপানী অট'মবাইলৰ স্বত্বাধিকাৰ আব্দুল মালিকক ধন দাবী কৰি কচুৱা থানাত গ্ৰেপ্তাৰ হৈছে ভৰালী ৷
উল্লেখ্য যে গুৱাহাটীত চিবিআই কনিষ্টবল ৰূপে কৰ্মৰত অনন্ত ভৰালী চুটি লৈ ঘৰলৈ গৈছিল ৷ অভিযোগ অনুসৰি প্ৰকাশিত এটি বাতৰিৰ কাটিং লৈ আব্দুল মালিকক "আপোনাৰ ওপৰত চিবিআইত এটি গোচৰ ৰুজু হৈ আছে , আমি তিনিজন আছো ,টকা পোন্ধৰ হাজাৰ যদি দিয়ে ইয়াতেই কেচটো ক্লজ কৰি দিম " বুলি অৱগত কৰাইছিল ধৃত অনন্ত ভৰালীয়ে ৷
আব্দুল মালিকে তৎক্ষনাত কচুৱা আৰক্ষীৰ লগত যোগাযোগ কৰি লোকজনক থানাত ছমজাই দিয়ে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত অনন্ত ভৰালী চিবিআই কনিষ্টবল বুলি প্ৰমান হয় যদিও চুটিত থাকি কোনো গোচৰ নোহোৱাকৈ ধন দাবী কৰাটো অপৰাধ বুলি গন্য হৈছে ৷
আব্দুল মালিকৰ এজাহাৰৰ ভিত্তিত অনন্ত ভৰালীক কচুৱা আৰক্ষীয়ে নগাওঁ জেইললৈ প্ৰেৰণ কৰিছে ৷ নিজৰ দায়িত্বক আওকান কৰি কেৱল ক'লাধন ঘটাৰ উদ্দেশ্য অনন্ত ভৰালীয়ে কৰা ঘটনাই চিবিআই ৰ প্ৰতি থকা জন সাধাৰনৰ বিশ্বাসতো চেঁচা পানী পৰিছে ৷ সেয়েহে ধৃত অনন্ত ভৰালীৰ ওপৰত চিবিআই বাহিনীয়ে কি ব্যৱস্থা লয় সেয়াহে লক্ষ্যনীয় হ'ব ৷