গাড়ীৰ ভিতৰতে যুৱতীক ধৰ্ষণ চালকৰ, ভাইৰেল কৰিলে ভিডিঅ'

গাড়ীৰ ভিতৰতে যুৱতীক ধৰ্ষণ চালকৰ, ভাইৰেল কৰিলে ভিডিঅ'

author-image
Asomiya Pratidin
New Update
গুৱাহাটীৰ কাৰাগাৰৰ পৰা পেৰলত যোৱা কয়দী সন্ধানহীন

ডিজিটেল সংবাদ,শিলচৰঃ কাছাৰত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণ কাণ্ড। গাড়ীৰ ভিতৰতে এগৰাকী যুৱতীক চালকে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। তাৰ পাছতে এই ধৰ্ষণ কাণ্ডৰ সমগ্ৰ দশ্য একাংশই ভাইৰেল কৰে ছচিয়েল মিডিয়াত।

Advertisment

এই ঘটনাৰ পাছতে একাংশ লোকে গণ প্ৰহাৰ কৰে অভিযুক্তক। ২৬ নৱেম্বৰৰ নিশা কাছাৰ জিলাৰ শিলকুৰিত সংঘটিত হৈছে এই ঘটনা। উল্লেখ্য যে, ধৰ্ষণ কাণ্ড সংঘটিত কৰি গাড়ী চালক সতীশ কালোৱাৰে যুৱতী গৰাকীক মুখ নুখলিবলৈ ভীতি প্ৰদৰ্শন কৰিছিল।

অৱশেষত ন্যায় বিচাৰি থানাত গোচৰ ৰুজু কৰিছে ভুক্তভোগী যুৱতীৰ পৰিয়ালে।ঘটনাৰ বিৱৰণী অনুসৰি শিলকুৰিত অনুষ্ঠিত বৰমবাবাৰ মেলাৰ পৰা ডাৰ্বি চাহ বাগিচাৰ নিজৰ ঘৰলৈ উভতাৰ সময়ত সতীশ কালোৱাৰ নামৰ চালক জনে তেওঁৰ ইকো ভেন বাহনখনৰ ভিতৰতে যুৱতী গৰাকীক বলপূৰ্বক ধৰ্ষণ কৰে।

নিশা শিলকুৰি পথত অকলশৰীয়া অৱস্থাত যুবতী গৰাকীক গাড়ীৰ ভিতৰত ধৰ্ষণ কৰা সমগ্ৰ দৃশ্য বন্দী কৰি সামাজিক মাধ্যমত ভাইৰাল কৰিছিল একাংশ যুৱকে। লগতে ধৰ্ষণকাৰী সতীশ কালোৱাৰক উত্তম মধ্যম সোধাইছিল যুৱকৰ দলটোৱে।

ঘটনাৰ পিছদিনা ধৰ্ষণকাৰী সতীশ কালৱাৰ ভুক্তভোগী যুৱতীৰ ঘৰলৈ গৈ ঘটনা বিষয়ে কাকো নকবলৈ হেঁচা প্ৰয়োগ কৰে। অৱশেষত ন্যায় বিচাৰি ঘুংগুৰ আৰক্ষী চকীত গোচৰ ৰুজু কৰে ভুক্তভোগীৰ পৰিয়ালে।

Also Read: Live update: মিজোৰামত ZPM ৰ জয়, ২৭ খন আসনেৰে একক সংখ্যাগৰিষ্ঠতা লাভ

Assam police