Live update: মিজোৰামত ZPM ৰ জয়, ২৭ খন আসনেৰে একক সংখ্যাগৰিষ্ঠতা লাভ

Live update: মিজোৰামত পৰাস্ত মুখ্যমন্ত্ৰী জোৰাম থাংগা
Live update: মিজোৰামত পৰাস্ত মুখ্যমন্ত্ৰী জোৰাম থাংগা

মিজোৰামত ZPM ৰ চৰকাৰ

মিজোৰামত শাসনাধিষ্ঠ দল এমএনপিক পৰাস্ত কৰি জয় লাভ কৰিলে জেড পি এমে। ৪০ খন আসনযুক্ত বিধানসভাত জেডপিএমে ২৭ খন, এমএনপিয়ে ১০ খন, বিজেপিয়ে ২ খন আৰু কংগ্ৰেছে এখন আসন লাভ কৰিবলৈ সক্ষম হয়।

ZPMৰ প্ৰাৰ্থীৰ হাতত পৰাস্ত মুখ্যমন্ত্ৰী জোৰাম থাংগা

ZPM প্ৰাৰ্থীৰ হাতত পৰাস্ত মুখ্যমন্ত্ৰী জোৰাম থাংগা। আইজল ইষ্ট-১ ৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল থাংগাই। সমষ্টিটোত জয়লাভ জেডপিএমৰ প্ৰাৰ্থী লালডো হোমা।

মিজোৰামত শোচনীয় অৱস্থা বিজেপি, কংগ্ৰেছৰ

মিজোৰামত শোচনীয় অৱস্থা বিজেপি আৰু কংগ্ৰেছৰ। পুৱা প্ৰায় ১০ বজালৈকে জেডপিএমে ১খন আসনত জয় লাভা কৰাৰ লগতে ২৫ খনত অগ্ৰগতি লাভ কৰি আছে। আনহাতে শাসনাধিষ্ঠ এমএনএফে ৯ খন আসনত আগবাঢ়ি আছে।

আনহাতে বিজেপিয়ে ৩ খন আৰু কংগ্ৰেছে ২ খন আসনত আগবাঢ়ি আছে।

মিজোৰামত সংখ্যাগৰিষ্ঠতা পোৱাৰ দিশে ZPM

মিজোৰামত সংখ্যা গৰিষ্ঠতা পোৱাৰ দিশে জেডপিএম। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা প্ৰায় ১০ বজালৈকে জেডপিএমে ১খন আসনত জয় লাভা কৰাৰ লগতে ২৫ খনত অগ্ৰগতি লাভ কৰি আছে। আনহাতে শাসনাধিষ্ঠ এমএনএফে ৯ খন আসনত আগবাঢ়ি আছে।

পিছ পৰি আছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা

আইজল ইষ্ট-১ ত পিছ পৰি আছে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা। ইয়াৰ বিপৰীতে সমষ্টিটোত আগবাঢ়ি আছে জেডপিএমৰ প্ৰাৰ্থী লালডো হোমা।

মিজোৰামত ২২ খন আসনত জেডপিএ, ৯খনত এমএনএফৰ অগ্ৰগতি

চলি আছে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। পুৱা ৯ বজালৈ জেডপিএমে ২২ খন, এমএনএে ৯ খন, কংগ্ৰেছে ৭ খন আৰু বিজেপিয়ে ১ খন আসনত অগ্ৰগতি লাভ কৰি আছে বুলি জানিব পৰা গৈছে। মিজোৰামৰ মেজিক নম্বৰ ২১ ।

কি হ'ব কংগ্ৰেছৰ? 

কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনৰ অন্ত পেলাই ২০১৮ চনত এমএনএফে শাসনলৈ আহিছিল। ৪০ জনীয়া বিধানসভাত ২৬ খন আসন লাভ কৰিছিল এম এন এফে। আনহাতে জেড পি এমে ৮ খন, কংগ্ৰেছে ৫ খন । গতিকে কংগ্ৰেছে মিজোৰামত হেৰুওৱা মাটি ঘূৰাই পাব নে নাই সেয়া লক্ষণীয় হ'ব।

১৬ গৰাকী মহিলা প্ৰাৰ্থী অৱতীৰ্ণ হৈছে নিৰ্বাচনত

মিজোৰাম বিধানসভা নিৰ্বাচনত ১৬ গৰাকী মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। ইয়াৰ ভিতৰত বিজেপিয়ে ৩ গৰাকী, কংগ্ৰেছ, এমএনএফ আৰু জেডপিএমে দুগৰাকীকৈ মহিলা প্ৰাৰ্থী প্ৰদান কৰিছে। বাকীসকল নিৰ্দলীয় প্ৰাৰ্থী।

কাৰ হাতলৈ যাব মিজোৰামৰ শাসন? 

মিজোৰামত বিশেষকৈ মিজো নেচনেল ফ্ৰণ্ট (এমএনএফ) আৰু জোৰাম পিপলছ মুভমেণ্ট (জেডপিএম)ৰ মাজত তীব্ৰ যুঁজ হোৱাৰ সম্ভাৱণা আছে। ইয়াৰ মাজতে দেওবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য আগবঢ়াইছে যে যি দলেই জয়ী নহওক কিয়, বিজেপিৰ লগতে থাকিব।

আৰম্ভ মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোট গণনা

সোমবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে মিজোৰাম বিধানসভা নিৰ্বাচনৰ ভোটগণনা। ৪০ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল মিজোৰাম বিধানসভা নিৰ্বাচন। ৩ ডিচেম্বৰতেই ৰাজ্যখনৰ নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ কথা আছিল যদিও খ্ৰীষ্টান বহুল ৰাজ্যখনে দেওবাৰৰ প্ৰাৰ্থনা সভাৰ বাবে দিন সলনি কৰাৰ আহ্বান কৰিছিল। সেই আহ্বানৰ প্ৰতি সন্মান জনাই নিৰ্বাচনী আয়োগে আজি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ সিদ্ধান্ত লয়।

X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in