কাছাৰ আৰক্ষীৰ বৃহৎ সফলতাঃ ১০৫কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ...

কাছাৰ আৰক্ষীৰ বৃহৎ সফলতাঃ ১০৫কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ...

ডিজিটেল সংবাদ, শিলচৰঃ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই কাছাৰ আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিছে। শনিবাৰে নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই আৰক্ষীয়ে শিলচৰত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে।

গোপন তথ্যৰ ভিত্তিত শিলচৰৰ ঘুংগুৰ আতালবস্তি বাইপাছত মিজোৰামৰ পৰা অহা এখন আই টেন বাহনত তালাচী চলাই মুঠ মুঠ ১০.৩৩৩ কেজি হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। বাহনখনৰ গোপন চেম্বাৰৰ পৰা হেৰ'ইনৰ ৯টা ডাঙৰ পেকেট আৰু হেৰ'ইন ভৰ্তি ৬০ টা চাবোনৰ বাকচ জব্দ কৰা হয়। পেকেট ৯ টাৰ পৰা ৮.৭৮৬ কেজি আৰু ৬০ টা চাবোনৰ বাকচৰ পৰা ১.৫৪৭ কেজি সহ মুঠ ১০.৩৩৩ কেজি হেৰ'ইন জব্দ কৰে আৰক্ষীয়ে। জব্দ কৰা হেৰ''ইন খিনিৰ মুল্য ১০৫ কোটি টকা।

হেৰ'ইনখিনি চুবুৰীয়া ৰাজ্য মিজোৰামৰ পৰা সৰবৰাহ কৰি কাছাৰৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল ড্ৰাগছ ব্যৱসায়ীয়ে। নিষিদ্ধ হেৰ'ইন সৰবৰাহৰ অভিযোগত আৰক্ষীয়ে মিজোৰামৰ এগৰাকী মহিলা সহ তিনিগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।

ধৃত লোক কেইজন আইজলৰ ডেনিয়েল চি লালাছানাডামা, চাম্পাই জিলাৰ লালটালজোৱা আৰু মালশ্বমেংগি। ইয়াৰে লালটালজোৱা আৰু মালশ্বমেংগি দুয়ো স্বামী-স্ত্ৰী বুলি সদৰী কৰিছে কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই। জব্দ কৰা হেৰ'ইনখিনিৰ মূল্য ১০৫ কোটি টকা বুলিও সদৰি কৰে আৰক্ষী বিষয়াজনে।

কাছাৰ আৰক্ষীৰ বৃহৎ সফলতাঃ ১০৫কোটিৰ নিচাযুক্ত সামগ্ৰী জব্দ...
প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিঃ মধ্যভোগী দালাল-পঞ্চায়ত প্ৰতিনিধিৰ ছত্ৰছায়াত চলিছে লুটপাত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in