দুৰ্নীতিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কাছাৰৰ জি পি সচিব

জলমিত্ৰসকলৰ বাবে মঞ্জুৰ কৰা ২.৫০ লাখ টকাও আত্মসাৎ কৰাৰ অভিযোগ সচিবজনৰ বিৰুদ্ধে

author-image
Asomiya Pratidin
New Update
দুৰ্নীতিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কাছাৰৰ জি পি সচিব

ডিজিটেল সংবাদ,শিলচৰ : দুৰ্নীতিৰ অভিযোগত চাকৰিৰ পৰা নিলম্বন কৰা হৈছে কাছাৰৰ জি পি সচিবক। জানিব পৰামতে নিলম্বিত জি পি সচিবজনৰ নাম কৃপা শংকৰ দত্ত।

Advertisment

বুধবাৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তই এক নিৰ্দেশমৰ্মে নিলম্বন কৰে কৃপা শংকৰ দত্তক। সোণাইৰ স্বাধীন বাজাৰ জিপিৰ সচিবৰ দায়িত্বত থকা সময়ত কৃপা শংকৰ দত্তই সংঘটিত কৰিছিল বিত্তীয় কেলেংকাৰী।

অভিযোগ মতে চতুৰ্থ বিত্ত আয়োগৰ অধীনত কোনো কাম নকৰাকৈ ১৭ লাখ ৩৫ হাজাৰ টকা আত্মসাৎ কৰিছিল সচিব কৃপা শংকৰ দত্তই। তদুপৰি, জলমিত্ৰসকলৰ বাবে মঞ্জুৰ কৰা ২.৫০ লাখ টকাও আত্মসাৎ কৰাৰ অভিযোগ সচিবজনৰ বিৰুদ্ধে। প্ৰায় ২২ লাখ টকা আত্মসাৎ কৰিছিল সচিব দত্তই।

উল্লেখ্য যে, জিলা পৰিষদৰ CEO ৰঞ্জিত কুমাৰ লস্কৰে ২১ নৱেম্বৰত সোণাই থানাত গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ ভিত্তিত উক্ত দিনা গ্ৰেপ্তাৰ হৈছিল সচিবজন। অৱশ্যে গ্ৰেপ্তাৰৰ কিছুদিনৰ পিছতে জামিন লাভ কৰিছিল সচিবগৰাকীয়ে।

কৃপা শংকৰ দত্ত বৰ্তমান কালাইন ব্লকৰ মহাদেবপুৰ আৰু পাইকান দিগৰখাল জিপিৰ সচিবৰ দায়িত্বত আছিল। সোণাই ব্লকৰ আৰু কেবাটাও জিপিত সংঘটিত কৰিছিল কেইবা লাখ টকাৰ বিত্তীয় কেলেংকাৰী।

Also Read: ওদালগুৰি প্ৰীমিয়াৰ লীগ : ফাইনেলত পূবনগৰ মেধিপাৰা ইয়ুথ ক্লাৱ

corruption crime silchar police cachar Assam police